শিক্ষণ প্ৰক্ৰিয়া:
শিক্ষণৰ অৰ্থ আৰু প্ৰকৃতি:
মানুহ সদায় নতুন নতুন পৰিৱেশ, পৰিস্থিতি অথবা সমস্যাৰ সন্মুখীন হয়। এইবোৰত নিজৰ প্ৰবৃত্তি পৰিচালিত ক্ৰিয়া আচৰণ আদিক ক্ৰমে পৰিৱৰ্তন আৰু উন্নতি সাধন কৰি পৰিৱেশৰ লগত সুস্থ সমাযোজনৰ চেষ্টা কৰে। তাৰ দ্বাৰা উন্নত ক্ৰিয়া আচৰণ আৰু কৌশল আদি জানি উঠাৰ এক ক্ৰমাগত অভিজ্ঞতা লাভ কৰে। এয়ে হৈছে শিক্ষণ। শিক্ষাবিদ পাৰ্চিনানৰ ম’তে শিক্ষণৰ অৰ্থ হৈছে আচৰণৰ সংশোধন। মনোবিজ্ঞানী গেইটছৰ(gates)মতে শিক্ষণ হৈছে “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা”।
শিক্ষণৰ বৈশিষ্ট্য:
ক)শিক্ষণ হৈছে ব্যক্তিয়ে পৰিৱেশৰ লগত কৰা সমাযোজন কাৰ্য্য বিশেষ।
খ)শিক্ষণৰ দ্বাৰা নতুন অভিজ্ঞতা আৰু উন্নত ক্ৰিয়া আচৰণৰ যোগ্যতা লাভ কৰিব পৰা যায়।
গ)শিক্ষণৰ সদায় এক নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে।
ঘ)সকলো শ্ৰেণীৰ জীৱৰেই সমানেই শিক্ষণ ক্ষমতা নাথাকে।
শিক্ষণৰ উপাদানসমূহ:
শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰধান উপাদানসমূহ হৈছে:
ক)মনোবৈজ্ঞানিক উপাদান:
অভিপ্ৰায় হ’ল শিক্ষণৰ এটা গুৰুত্বপূৰ্ণ উপাদান। এজন ব্যক্তিৰ যেতিয়ালৈকে ইচ্ছা জাগৃত নহয়, তেতিয়ালৈকে তেওঁ কোনো কাম উপস্থাপন কৰিব নোৱাৰিব, যিটো শিক্ষণৰ বাবে অতি আৱশ্যকীয়। শিক্ষণক ব্যক্তি এজনে পৰিৱেশৰ লগত সমাযোজন কৰিব পৰা ক্ৰিয়া বুলিও কোৱা হয়।
খ)দৈহিক উপাদান:
যিকোনো জীৱৰে পৰিৱেশৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰে গ্ৰহনেন্দ্ৰিয় সমূহৰ সূক্ষ্ম অনুভূতি, সাধনেন্দ্ৰিয় সমূহৰ অৱস্থা আৰু সাধাৰণ ভাৱ-ভংগীৰ ওপৰত। যদি গ্ৰহনেন্দ্ৰিয় সমূহৰ দোষ ক্ৰটি থাকে তেন্তে শিক্ষণ প্ৰক্ৰিয়াত বাধা আহিব পাৰে।
গ)পাৰিপাৰ্শ্বিক উপাদান:
ব্যক্তিৰ পৰিৱেশৰ ওপৰতো শিক্ষণ নিৰ্ভৰশীল। শিক্ষণৰ বাবে এটা সুস্থ পৰিৱেশৰ প্ৰয়োজন। হুলস্থুলীয়া পৰিৱেশত শিক্ষণ সম্ভৱ নহয়। ঠিক সেইদৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষণৰ ক্ষেত্ৰত শ্ৰেণী কোঠাৰ সকলো ধৰণৰ পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ স্কুল কৰ্তৃপক্ষ আৰু শিক্ষকসকলে সহায় কৰিব লাগে।
অভিৰোচন আৰু শিক্ষা:
যিকোনো উদ্দেশ্য সাধনৰ বাবে ব্যক্তিৰ মনত উৎসাহ-উদ্দীপনা আৰু কৰ্মস্পৃহা জগাই তোলা কাৰ্য্যই হৈছে অভিৰোচন। অভিৰোচন হৈছে- শিক্ষা আহৰণৰ এক প্ৰাণ শক্তি। অভিৰোচনে শিক্ষণ স্বত:সফূৰ্ত কৰি তোলে। ই ব্যক্তিৰ ক্ৰিয়া প্ৰচেষ্টা চমু আৰু সহজ কৰি তোলে। গতিকে চমুকৈ ক’বলৈ হ’লে অভিৰোচন হৈছে শিক্ষাক্ষেত্ৰত কৃতকাৰ্য্যতাৰ এটা প্ৰধান কাৰণ।
ছাত্ৰ-ছাত্ৰীৰ মনত অভিৰোচন সৃষ্টি কৰিবলৈ হ’লে শিক্ষকসকলে বিভিন্ন কৌশলৰ সহায় ল’ব পাৰে। যেনে-
ক)প্ৰশংসা আৰু দোষাৰোপকৰণ।
খ)পুৰস্কাৰ আৰু শাস্তি বিধান।
গ)প্ৰতিদ্বন্দ্বিতা।
ঘ)সহযোগিতা।
ঙ)শিক্ষকৰ ব্যক্তিত্ব।
চ)শ্ৰৱণ দৰ্শন সঁজুলি ব্যৱহাৰ।
ছ)ব্যক্তি বিভিন্নতা প্ৰতি লক্ষ্য ৰাখি শিক্ষণ পদ্ধতি ব্যৱহাৰ।
জ) ‘কৰ্মৰ মাজেৰে শিক্ষা’- এই নীতিটো প্ৰয়োগ কৰা উচিত।
শিক্ষণৰ পদ্ধতি:
শিক্ষণৰ পদ্ধতি প্ৰধানত: দুটা, এটা হ’লে প্ৰচেষ্টা আৰু ভূল পদ্ধতি আৰু আনটো অন্তদৰ্শন পদ্ধতি। ইয়াৰ চমু বিৱৰণ তলত দিয়া হ’ল-
ক)প্ৰচেষ্টা আৰু ভূল পদ্ধতি:
মনোবিজ্ঞানী থ’ৰ্নডাইক হৈছে এই পদ্ধতিৰ উদ্ভাৱক। এই পদ্ধতিৰ মতে, এজন ব্যক্তিয়ে কোনো নতুন কামৰ দক্ষতা আয়ত্ব কৰিবলৈ হ’লে বা কোনো নতুন বিষয় শিকিবলৈ হ’লে তেওঁ বাৰে বাৰে চেষ্টা কৰিব লাগে। বিফল হোৱা প্ৰচেষ্টা সমূহ নাইকিয়া কৰ হয় আৰু সফল চেষ্টা সমূহ স্থায়ীভাৱে ৰখা হয়। ইয়াত প্ৰথম প্ৰচেষ্টাত ভূলৰ সংখ্যা যথেষ্ট বেছি হয় যদিও নেৰা-নেপেৰা চেষ্টাৰ ফলত ক্ৰমান্বয়ে ভূলৰ সংখ্যা হ্ৰাস পায় আৰু অৱশেষত সম্পূৰ্ণ শুদ্ধকৈ কামটো কৰিবলৈ সক্ষম হয়। এজন শিশুৱে চামুচেৰে ভাত খোৱা, জোতা পিন্ধা, খোজ কঢ়া আদি এই পদ্ধতিৰ উদাহৰণ।
খ)অন্তদৰ্শন পদ্ধতি:
এই পদ্ধতিক গেষ্টাল্ট পদ্ধতি বুলিও কোৱা হয়। এই পদ্ধতিৰ মতে, প্ৰচেষ্টা আৰু ভূল পদ্ধতিৰ সলনি আমি সমগ্ৰ পৰিস্থিতি প্ৰথমতে ভালদৰে বুলি লোৱা উচিত। অৰ্থাৎ আমি কোনো এটা কাম সম্পাদন কৰিবলৈ হ’লে তাৰ পৰিস্থিতি অন্তদৰ্শনৰ দ্বাৰা চালি জাৰি চাই লোৱা উচিত। তেতিয়াহে কামটো আমি শুদ্ধভাৱে সম্পাদন কৰিবলৈ সক্ষম হ’ম।
ইয়াৰ উপৰিও শিক্ষণৰ আন এটা পদ্ধতি হৈছে অনুকৰণ পদ্ধতি। আনৰ আচৰণক অনুসৰণ কৰা কাৰ্য্যই হৈছে অনুকৰণ। সৰু ল’ৰা-ছোৱালীসকলে কোনো কথা বুজি শিকাতকৈ অনুকৰণ কৰিহে শিকে। অৱশ্যে অনুকৰণ কেৱল মানুহৰ মাজতেই আবদ্ধ নাথাকে, আন আন জীৱ-জন্তু বা চৰাইৰ মাজতো ইয়াক দেখা যায়। অনুকৰণ দুই প্ৰকাৰৰ। সচেতন আৰু স্বত:সফুৰ্ত অনুকৰণ। আমি সচেতনভাৱে যেতিয়া আনক অনুকৰণ কৰো তাক সচেতন অনুকৰণ বোলে। আনহাতে কেতিয়াবা আমি নজনাকৈয়ে আনৰ কথা কোৱা, খোজ কঢ়া ধৰণ, আদি অনুকৰণ কৰো। এইবোৰ হৈছে স্বত:সফূৰ্ত অনুকৰণ।
শিক্ষণৰ নীতিসমূহ:
মনোবিজ্ঞানী থ’ৰ্নডাইকে বিভিন্ন জীৱ-জন্তুৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি শিক্ষণৰ কেইটামান নীতি আগবঢ়াইছিল। এই কেইটা হৈছে-
ক)অনুশীলনৰ নীতি:
এই নীতিৰ মূল হ’ল আমি যি কামেই কৰো সেয়ে শিকো আৰু যি কাম নকৰো সেইটো নিশিকো। এই নীতিটোক ‘ব্যৱহাৰৰ নীতি’ আৰু ‘অব্যৱহাৰৰ নীতি’ বুলিও কোৱা হয়। থ’ৰ্নডাইকৰ মতে পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত কিছু সময় ধৰি সংশোধিত সম্বন্ধ গঢ়ি উঠিলে(আনবোৰ বিষয় স্বাভাৱিক হৈ থাকিলে) সি অধিক শক্তিশালী হৈ উঠে। ই হৈছে ব্যৱহাৰৰ নীতি। আনহাতে পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত কিছু সময় ধৰি সংশোধিত সম্বন্ধ গঢ়ি নুঠিলে(আনবোৰ বিষয় স্বাভাৱিক থকা অৱস্থাত)সি দুৰ্বল হৈ পৰে। ই হৈছে অব্যৱহাৰৰ নীতি।
খ)পৰিণাম নীতি:
ব্যক্তিয়ে যিকোনো কামৰ পৰিণাম অনুযায়ী আচৰন প্ৰদৰ্শন কৰা দেখা যায়। সন্তোষজনক ফল লাভে ব্যক্তিক ক্ৰিয়াৰ পুনৰাবৃত্তি কৰিবলৈ উৎসাহিত কৰে। আনহাতে অসন্তোষজনক অথবা বিৰক্তিদায়ক ফলাফলে ব্যক্তিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰ বাবে অলপো উৎসাহ নোযোগায়, বৰং তেনে পৰিণামৰ পৰা আঁতৰি থাকিবলৈহে চেষ্টা কৰে। অৰ্থাৎ প্ৰাণীয়ে নিজ কাৰ্য্যৰ সুখজনক অথবা দুখজনক ফল লাভ অনুযায়ীহে আচৰণ প্ৰদৰ্শন কৰে। ইয়েই শিক্ষণৰ পৰিণাম নীতি।
গ)প্ৰস্তুতিৰ নীতি:
থৰ্নডাইকে এই নীতিৰ সংজ্ঞা এইদৰে দিছিল- “যেতিয়া কোনো কৰ্ম কৰিবলৈ সাজু হৈ থাকে, সেই কৰ্মই সন্তুষ্টি দিয়ে আৰু যদি সাজু হৈ নাথাকে তেন্তে সেই কৰ্মই বিৰক্তিৰ কাৰণ হৈ পৰে”। অৰ্থাৎ যেতিয়া এজন ব্যক্তিয়ে শিকিবলৈ বা কোনো কাম কৰিবলৈ প্ৰস্তুত হৈ থাকে, তেতিয়া তেওঁ বেছি কাৰ্যকৰীভাৱে আৰু সন্তুষ্টিৰে কামটো কৰিব বা শিকিব পাৰে।
থৰ্নাডাইকে আগবঢ়োৱা শিক্ষণৰ এই নীতি কেইটাৰ যথেষ্ট শৈক্ষিক তাৎপৰ্য্য আছে। শিক্ষাৰ প্ৰতিটো দিশত আমি এই তিনিটা নীতিৰ ব্যৱহাৰ কৰো।
শিক্ষণৰ তত্ত্ব সমূহ: মনোবিজ্ঞানীসকলে শিক্ষণ প্ৰক্ৰিয়া বৰ্ণনা কৰিবলৈ বিভিন্ন তত্ত্ব আগবঢ়াইছে। এইবোৰ হ’ল-
ক)সংযোগবাদ(Connectionnism),
খ)অনুবন্ধনবাদ(Conditioning),
গ)সামগ্ৰিকতাবাদ(Gestalt theory)
এইকেইটা তলত আলোচনা কৰা হ’ল-
ক)সংযোগবাদ:
আমেৰিকাৰ মনোবিজ্ঞানী থৰ্নডাইক হৈছে এই তত্ত্বৰ জন্মদাতা। তেওঁৰ ম’তে, শিক্ষণ তেতিয়াই সংঘটিত হয় যেতিয়া উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হয়। থৰ্নডাইকৰ ভাষাত, “শিক্ষণ হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন আৰু এই মতবাদৰ পৰাই প্ৰচেষ্টা আৰু ভূল পদ্ধতিৰ সৃষ্টি হৈছে”।
থৰ্নডাইকে মাছ, মেকুৰী, কুকুৰ আদিৰ ওপৰত পৰীক্ষা চলাই এই তত্ত্বৰ উদ্ভৱ কৰিছে। তেওঁৰ মতে, যিহেতু উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হ’লেই শিক্ষণ হয় সেয়ে ইয়াক শিক্ষণৰ সংযোগবাদ তত্ত্ব বুলি জনা যায়। তেওঁৰ মতে, শিক্ষণ হ’ল এক যান্ত্ৰিক প্ৰক্ৰিয়া যাৰ মূলতে থাকে বহুতো ভূল ক্ৰুটি আৰু সেইবোৰৰ সংশোধন।
খ)অনুবন্ধনবাদ:
ৰাছিয়াৰ মনোবিদ আইভান পেভলভে শিক্ষণৰ এই তত্ব উদ্ভাৱন কৰিছিল। এই তত্ত্ব মতে, স্বাভাৱিক উদ্দীপক, কৃত্ৰিম উদ্দীপকলৈ সলনি কৰা হয় কিন্তু প্ৰতিক্ৰিয়া সকলো সময়তে একে থাকে। এইদৰে, কৃত্ৰিম উদ্দীপক আৰু স্বাভাৱিক প্ৰতিক্ৰিয়াৰ মাজত এক নতুন সংযোগৰ সৃষ্টি হয় আৰু এইদৰেই অনুবন্ধিত ক্ৰিয়া সংঘটিত হয়। উদাহৰণস্বৰূপে, খোৱা বস্তু দেখিলে আমাৰ স্বাভাৱিকতে লালটি ওলাই। এই প্ৰতিক্ৰিয়া হৈছে সহজাত, স্বাভাৱিক আৰু নিৰ্দিষ্ট বিধৰ। সেয়েহে ইয়াত শিক্ষণ অভিজ্ঞতা আদিৰ প্ৰশ্ন নুঠে। কিন্তু শিক্ষণ গঢ় লৈ উঠিবৰ বাবে অন্য এনে উদ্দীপকৰ প্ৰতিও সেই একে প্ৰতিক্ৰিয়াকে প্ৰদৰ্শন কৰিব পাৰে, অৰ্থাৎ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্ৰিম উদ্দীপক প্ৰদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্ৰতিক্ৰিয়াকে প্ৰদৰ্শন কৰাই হৈছে অনুবন্ধিত অথবা শিক্ষা লব্ধ প্ৰতিক্ৰিয়া। ইয়াত ব্যক্তিৰ প্ৰথম প্ৰতিক্ৰিয়া দ্বিতীয় প্ৰতিক্ৰিয়াৰ লগত অনুবন্ধিত হয়। এয়ে হৈছে অনুবন্ধনবাদ।
গ)সামগ্ৰিকতাবাদ:
‘গেষ্টাল্ট’ শব্দটো হ’ল এটা জাৰ্মান শব্দ আৰু ইয়াৰ অৰ্থ হ’ল সম্পূৰ্ণ আকাৰ বা গঠন। এই তত্ত্বৰ মূল উদ্ভাৱক সকল আছিল ৱাৰ্থিমাৰ, কোহলাৰ আৰু কফকা। এই তত্ত্বমতে, শিকিবলগীয়া বিষয়বস্তুৰ বিভিন্ন অংশৰ ভিতৰত সম্বন্ধ ঘটাই সামগ্ৰিকভাৱে নিৰীক্ষণ কৰিব পাৰিলেই শিক্ষণ কাৰ্য্য সম্পাদিত হয়। এই তত্ত্বই বিশ্বাস কৰে যে শিক্ষণ কাৰ্য্যত আমি সমগ্ৰ পৰিস্থিতিটো ভালদৰে বুজ লওঁ আৰু তাৰ পাছত সেইমতে লক্ষ্যত উপনীত হ’বলৈ উপযুক্ত পথটো বিচাৰি উলিয়াও। সামগ্ৰিকতাবাদী সকলে এটা জোৰা নলগা তৰাৰ ছবিৰ উদাহৰণ দিছে। এই ছবিখনত, তৰাটো পাঁচটা কোণত ভাগ কৰা আছে। কিন্তু যেতিয়া আমি এই ভাগি যোৱা তৰাটোৰ ফালে চাওঁ, তেতিয়া তৰাটোৰ মাজত ভাগি যোৱা খালী ঠাইবোৰলৈ আমি মন নিদিও আৰু এটা তৰা বুলিয়েই ধৰি লওঁ।
শিক্ষাৰ স্থানান্তৰ বা বিষয়ান্তৰকৰণ(Transfer of Learning):
দাৰ্শনিক প্লেটোৰ ৰিপাব্লিক নামৰ গ্ৰন্থত শিক্ষা স্থানান্তৰ কৰণৰ কথা উল্লেখ আছে। সাধাৰণতে কোৱা হয় যে শিক্ষা আহৰণৰ লক্ষ্য হৈছে ব্যক্তিৰ ক্ৰিয়া আচৰণৰ আৱশ্যকীয় পৰিৱৰ্তন সাধন আৰু জীৱনৰ পৰিস্থিতি সমূহত সুস্থ সমাযোজনা লাভ কৰা। সহজ অৰ্থত ক’ব পাৰি যে শিক্ষাৰ্থীয়ে শিক্ষণ অভিজ্ঞতাক জীৱনৰ সমস্যা সমাধান অভিজ্ঞতালৈ স্থানান্তৰ বা বিষয়ান্তৰ কৰিব লাগে, কাৰণ, মানুহৰ শিক্ষা অভিজ্ঞতা হৈছে সদায় প্ৰয়োজন মুখী আৰু উদ্দেশ্য প্ৰণোদিত।
শিক্ষাৰ স্থানান্তৰকৰণ তত্বৰ মূল কথা এয়ে যে ব্যক্তিয়ে কোনো নিৰ্দিষ্ট বিষয় অধ্যয়নৰ যোগে পোৱা অভিজ্ঞতা জীৱনৰ সমস্যা সমাধান অভিজ্ঞতালৈ স্থানান্তৰিত হয়, কাৰণ, এক মৌলিক বিষয়ৰ অধ্যয়নে ব্যক্তিৰ বিশেষ বিশেষ মানসিক শক্তিৰ উৎকৰ্ষ সাধন কৰে। ইয়াৰ যোগেদি তেওঁ জীৱনৰ সমস্যাত প্ৰয়োজন হোৱা সেইবিধ মানসিক যোগ্যতা অধিক দক্ষতাৰে প্ৰয়োগ কৰিব পাৰে, অৰ্থাৎ পাঠ্যক্ৰমৰ এক বিশেষ বিষয়ৰ অভিজ্ঞতা জীৱনৰ সমস্যা সমাধানৰ অভিজ্ঞতালৈ স্থানান্তৰিত হয়। ইয়াকেই শিক্ষাৰ স্থানান্তৰ বা বিষয়ান্তৰকৰণ বোলে।
শিক্ষাবিদ আৰু মনোবিদ সকলৰ কাৰণে স্থানান্তৰণৰ প্ৰকৃতি অধ্যয়ন এক গুৰুত্বপূৰ্ণ বিষয়, কাৰণ গোটেই শিক্ষা ব্যৱস্থাটো স্থানান্তৰণৰ ওপৰতেই নিৰ্ভৰশীল। শিক্ষানুষ্ঠানত আহৰণ কৰা বহুত কথাই পাছৰ জীৱনত পোনপটীয়াকৈ কামত নালাগে, কিন্তু শিক্ষানুষ্ঠানৰ লাভ কৰা অভিজ্ঞতাৰ পৰা স্থানান্তৰিত হৈ অহা উপাদান সমূহ আমাৰ সকলোৰে জীৱনত অমূল্য সম্পদ। সেয়েহে শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰম, পাঠদানৰ পদ্ধতি আৰু শিক্ষাৰ্থীয়ে লাভ কৰা মুঠ অভিজ্ঞতাৰ স্বৰূপ এনে হোৱা উচিত যাতে ইয়াৰ পৰা বাস্তৱ জীৱনলৈ সৰ্বাধিক স্থানান্তৰণ সম্ভৱ হয়।
শিক্ষা স্থানান্তৰণৰ ওপৰত বিভিন্ন মনোবিদে বিভিন্ন তত্ত্ব আগবঢ়াইছে। এই তত্ত্বসমূহ হ’ল-
ক)মানসিক অনুশাসন তত্ত্ব।
খ)অভিন্ন উপাদান তত্ত্ব।
গ)সামান্যীকৰণ তত্ত্ব।
স্থানান্তৰণৰ শিক্ষাগত মূল্য:
প্ৰথমেই উল্লেখযোগ্য যে কোনো এটা বিষয়ত শিক্ষা আহৰণৰ এক প্ৰধান উদ্দেশ্য হৈছে সেই বিষয়ৰ কাৰ্য্যপটুতা আৰু অভিজ্ঞতা লাভ কৰা আৰু সেই অভিজ্ঞতাক জীৱনৰ কাৰ্য্যক্ষেত্ৰত প্ৰয়োগ কৰা। শিক্ষাৰ লগত জীৱনৰ ওত:প্ৰোত: সম্বন্ধ আছে। ব্যক্তিয়ে কোনো নতুন কাম তেওঁৰ অতীত অভিজ্ঞতাৰ সহায়েৰে কৰাটোৱেই সাধাৰণ নিয়ম। সেয়েহে অনভিজ্ঞ লোকে নতুন কামত কঠিনতা পোৱা দেখা যায়। বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ কোনো কাম কৰিবৰ বাবে সেই বিষয়ৰ প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ অতি প্ৰয়োজন। কৰ্ম নিয়োগৰ বেলিকা সেই কাৰণেই ব্যক্তিৰ পূৰ্ব অভিজ্ঞতাত অধিক গুৰুত্ব দিয়া হয়।
ওপৰোক্ত আলোচনাৰ পৰা শিক্ষা স্থানান্তৰণৰ গুৰুত্ব সম্পৰ্কে বুজিব পাৰি।
প্ৰশ্নোত্তৰ:
১)শিক্ষণ হ’ল এক বিৰতিহীন প্ৰক্ৰিয়া-
উত্তৰ: জন্মৰ পৰা মৃত্যুৰ আগমুহুৰ্তলৈ।
২)শিক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ’ব পাৰে-
উত্তৰ: আনুষ্ঠানিক ভাৱে আৰু অনানুষ্ঠানিক ভাৱে।
৩)শিক্ষণ প্ৰক্ৰিয়াই পৰিশোধন কৰিব পাৰে-
উত্তৰ: আচৰণৰ।
৪)আগ্ৰহ বা ইচ্ছা প্ৰকাশ কৰি শিকো বুলি শিকা খিনিকে কোৱা হয়-
উত্তৰ: সচেতন শিক্ষণ।
৫)শিক্ষণক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছিল বিখ্যাত মনোবিদ-
উত্তৰ: থৰ্ণডাইকে।
৬)শিক্ষণ কাৰ্যক এটা প্ৰধান অঙ্গ বোলা হয়-
উত্তৰ: জীৱনৰ।
৭)শিক্ষণ প্ৰক্ৰিয়াটো হ’ল-
উত্তৰ: ব্যক্তিগত প্ৰক্ৰিয়া।
৮) ‘শিক্ষণৰ অৰ্থ হ’ল আচৰণ সংশোধন’ কথাষাৰ কৈছিল-
উত্তৰ: উদৱৰ্থে।
৯)সকলোবোৰ জীৱৰেই শিক্ষণ ক্ষমতা-
উত্তৰ: সমান নহয়।
১০)শিক্ষণ প্ৰক্ৰিয়াক স্থায়ী ৰূপ প্ৰদানত সহায় কৰে-
উত্তৰ: অভ্যাসে।
১১)শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক আছিল-
উত্তৰ: থৰ্ণডাইক।
১২)থৰ্ণডাইক এগৰাকী বিখ্যাত মনোবিজ্ঞানী আছিল-
উত্তৰ: আমেৰিকাৰ।
১৩)শিক্ষণৰ প্ৰধান উপাদান-
উত্তৰ: তিনিটা।
১৪)শিক্ষণৰ মূল উপাদান হ’ল-
উত্তৰ: মনোবৈজ্ঞানিক উপাদান, দৈহিক উপাদান, পাৰিস্পাৰ্শিক উপাদান।
১৫)শিক্ষণৰ মূল নীতি সমূহ আগবঢ়াইছিল-
উত্তৰ: থৰ্ণডাইকে।
১৬)কৰ্মৰ অনুশীলন বা পুণৰাবৃত্তিয়ে শিক্ষণক স্থায়িত্ব প্ৰদান কৰে- নীতিটো মানি চলে শিক্ষণৰ-
উত্তৰ: অনুশীলনৰ নীতিয়ে।
১৭)শিক্ষণৰ অনুশীলনৰ নীতিৰ ভাগ কৰিব পাৰি-
উত্তৰ: দুটা ভাগত।
১৮)শিক্ষণৰ ভিত্তি হ’ল-
উত্তৰ: অভিৰোচন।
১৯)শিক্ষা ক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হ’ল-
উত্তৰ: ফলাফলৰ নীতি।
২০)সামগ্ৰিকতাবাদী সকলৰ মতে শিক্ষণৰ অন্ধ প্ৰচেষ্টা ত্যাগ কৰিব লাগে। কথাষাৰ-
উত্তৰ: সত্য।
২১)গেষ্টাল্ট মতবাদৰ সৈতে জড়িত মনোবিজ্ঞানী সকল হ’ল-
উত্তৰ: ৱাৰ্থিমাৰ, কহলাৰ, কফকা।
২২)শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক আছিল-
উত্তৰ: পেভলভ।
২৩)পেভলভে অনুবন্ধনবাদ তত্ত্বৰ পৰীক্ষা চলাইছিল-
উত্তৰ: কুকুৰৰ ওপৰত।
২৪)গেষ্টাল্ট শব্দটো প্ৰধানত:
উত্তৰ: জাৰ্মান শব্দ।
২৫)শিক্ষণত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ আৱিষ্কাৰক আছিল-
উত্তৰ: থৰ্ণডাইক।
২৬)অন্তদৰ্শন পদ্ধতিৰ মূল ভেটি হ’ল-
উত্তৰ: সামগ্ৰিকতাবাদ তত্ত্ব।
২৭)ইংৰাজী Motivation শব্দটো আহিছিল-
উত্তৰ: লেটিন ভাষাৰ পৰা।
২৮)শিক্ষণৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত্ত হ’ল-
উত্তৰ: অভিপ্ৰেৰণা।
২৯)আইভান পেভলভ এগৰাকী প্ৰ্খ্যাত মনোবিজ্ঞানী আছিল-
উত্তৰ: ৰাছিয়াৰ।
৩০)গেষ্টাল্ট শব্দৰ অৰ্থ-
উত্তৰ: সামগ্ৰিক।
৩১)শিক্ষণ প্ৰক্ৰিয়াটো হ’ল-
উত্তৰ: উদ্দেশ্যমূলক প্ৰক্ৰিয়া।
৩২)থৰ্ণডাইকৰ প্ৰচেষ্টা আৰু ভূল পদ্ধতিক বুদ্ধিবান মানুহৰ বাবে প্ৰয়োজনীয় নহয় বুলি কৈছিল-
উত্তৰ: সামগ্ৰিকতাবাদী সকলে।
৩৩)থৰ্ণডাইকৰ প্ৰচেষ্টা আৰু ভূল পদ্ধতিত প্ৰচেষ্টাৰ মাত্ৰা যিমানে বাঢ়ি যায়, ভূলৰ মাত্ৰা-
উত্তৰ: সিমানে কমে।
৩৪)চাইকেল চলাবলৈ শিকা, সাঁতুৰিবলৈ শিকা আদিৰ লগত ব্যৱহাৰ প্ৰণিধানযোগ্য-
উত্তৰ: প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ।
৩৫)শিক্ষণক এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়া বুলি বিবেচনা কৰে আৰু ইয়াৰ অংশ বিশেষতকৈ সামগ্ৰিক অৱস্থাটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে-
উত্তৰ: সামগ্ৰিকতাবাদে।
৩৬)সামগ্ৰিকতাবাদী সকলে উদ্ভাৱণ কৰা শিক্ষাৰ পদ্ধতিটো হ’ল-
উত্তৰ: অন্তদৰ্শন পদ্ধতি।
৩৭)সামগ্ৰিকতাবাদী সকলে তেওঁলোকৰ ধাৰণাক প্ৰমাণ কৰিবৰ বাবে পৰীক্ষা-নিৰীক্ষা চলোৱা চিম্পাঞ্জীটোৰ নাম আছিল-
উত্তৰ: চুলতান।
৩৮)অনুবন্ধন বাদৰ জন্মদাতা আছিল-
উত্তৰ: পেভলভ।
৩৯)শিক্ষণৰ অনুবন্ধনবাদৰ প্ৰক্ৰিয়া হ’ল-
উত্তৰ: দুই প্ৰকাৰৰ।
৪০)মৌলিক অনুবন্ধনবাদৰ আৱিস্কাৰক আছিল-
উত্তৰ: পেভলভ।
৪১)ব্যৱহাৰিক অনুবন্ধনবাদৰ আৱিস্কাৰক আছিল-
উত্তৰ: স্কীনাৰ।
৪২)বি.এফ.স্কীনাৰ আছিল এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী-
উত্তৰ: হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ।
৪৩)উদ্দীপকৰ স্থানতকৈ প্ৰতিক্ৰিয়াৰ স্থানক অগ্ৰাধিকাৰ দি S-R সংযোগসূত্ৰ অধিক কাৰ্যকৰী বুলি কৈছিল-
উত্তৰ: স্কীণাৰে।
৪৪)স্কীণাৰে ব্যৱহাৰিক অনুবন্ধনবাদৰ প্ৰমাণ দাঙি ধৰিবলৈ পৰীক্ষা চলাইছিল-
উত্তৰ: নিগনিৰ ওপৰত।
৪৫)আনক দেখি আনক অনুসৰণ কৰি শিক্ষণ আহৰণ কৰা পদ্ধতিটো হ’ল-
উত্তৰ: অনুকৰণ পদ্ধতি।
৪৬)অনুকৰণ পদ্ধতিক ভাগ কৰিব পাৰি-
উত্তৰ: দুটা ভাগত।
৪৭)অনুকৰণ পদ্ধতিৰ ভাগ দুটা হ’ল-
উত্তৰ: সজ্ঞান আৰু অজ্ঞান অনুকৰণ।
৪৮)শিক্ষণৰ ক্ষেত্ৰত সন্তুষ্টি বা অসন্তুষ্টিৰ নীতি বুলি কোৱা হয়-
উত্তৰ: ফলাফলৰ নীতিক।
৪৯)শাস্তি আৰু পুৰস্কাৰৰ নীতি বুলিও অভিহিত কৰিব পাৰি-
উত্তৰ: ফলাফলৰ নীতিক।
৫০)থৰ্ণডাইকৰ মতে শিকা কথাবোৰ ব্যৱহাৰ কৰি থাকিলেহে স্থায়ী হৈ ৰয়, অব্যৱহাৰৰ ফলত শিকা কথাবোৰ মনৰ পৰা-
উত্তৰ: বিস্মৃতিৰ গৰ্ভত পৰে।
৫১)মানুহে শিকা কথাবোৰৰ স্থায়ীত্ব নিৰ্ভৰ কৰে-
উত্তৰ: অনুশীলনৰ ওপৰত।
৫২)শিকিবলৈ শাৰিৰীক-মানসিকভাৱে সাজু হৈ থকাজনে সহজে শিকিব পাৰে- কথাষাৰে নিৰ্ভৰ কৰে-
উত্তৰ: প্ৰস্তুতিৰ নীতিক।
৫৩)অনিচ্ছুক সকলৰ মাজত ইচ্ছা জগাই তোলা, আগ্ৰহী কৰি তোলা, শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব নোৱাৰা জনৰ মনত উপলব্ধিৰ সৃষ্টি কৰা আদি কামবোৰক কোৱা হয়-
উত্তৰ: অভিৰোচন।
৫৪)শিক্ষাৰ ক্ষেত্ৰত শিক্ষক সকলক কোৱা হয়-
উত্তৰ: অভিৰোচক।
৫৫)শিক্ষকে শিক্ষাৰ্থী সকলক অভিৰোচিত কৰিবলৈ ব্যৱহাৰ কৰিব পৰা পদ্ধতি হ’ল-
উত্তৰ: ক)ভৱিষ্যত জীৱনৰ আশা প্ৰদ ছবি এখন দাঙি ধৰা,
খ)ডাঙৰ মানুহৰ ধাৰণা দিয়া,
গ)পুৰস্কাৰ আৰু শাস্তিৰ ব্যৱহাৰ কৰা।
৫৬)শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক কৰাৰ সময়ত মন কৰিব লাগে-
উত্তৰ: ক)মানসিক পৰিক্কতাৰ ওপৰত,
খ)ব্যক্তি পাৰ্থক্যৰ ওপৰত,
গ)ছাত্ৰ-ছাত্ৰীৰ বয়সৰ ওপৰত।
৫৭)শিক্ষাৰ্থী সকলে এটা বিষয় শিকাৰ পিছতেই আন এটা বিষয় শিকিলে প্ৰথমে শিকা বিষয়ৰ বহুখিনি কথা পাহৰি যায়-
উত্তৰ: পশ্চাদমুখী অৱৰোধৰ বাবে।
৫৮)অতি শিক্ষণো-
উত্তৰ: পাহৰণিৰ কাৰণ।
৫৯) “শিক্ষণ হৈছে এটা বিশেষ সম্পৰ্ক যিয়ে এগৰাকী শিশুৰ ক্ষমতাসমূহৰ পূৰ্ণাংগ বিকাশত সহায় কৰে”- মতবাদটো আছিল-
উত্তৰ: ৰাইবাৰ্ণৰ।
শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ অৰ্থ(Meaning of teaching learning process):
সাধাৰণ ভাষাত ক’বলৈ হ’লে যি প্ৰক্ৰিয়া অনুসৰি শ্ৰেণীকক্ষৰ চাৰিবেৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকে তেখেতৰ সঞ্চিত জ্ঞান অভিজ্ঞতা প্ৰদান কৰে আৰু শিক্ষাৰ্থীসকলেও নীৰৱ শ্ৰোতাৰ ভূমিকা পালনেৰে আয়ত্ব কৰে তাকেই শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া বোলা হয়। এনে প্ৰক্ৰিয়াত শিক্ষাৰ্থী আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াতকৈ শিক্ষক আৰু শিক্ষাদান প্ৰক্ৰিয়াইহে মুখ্য ভূমিকা গ্ৰহণ কৰে।
শিক্ষণ আৰু শিকনৰ সম্পৰ্ক(Relation between teaching and learning):
শিক্ষণ আৰু শিকন দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। শিক্ষণ হ’ল শিকনৰ বাবে উদ্দীপনা আৰু দিশ নিৰ্দেশনা। শিক্ষণ ছাত্ৰ-ছাত্ৰীৰ কাৰ্যভাৰ, অনুভূতি আদিৰ সুসমন্বয় সাধনৰ বাবে কাৰ্য্যকৰী। সমন্বয় সাধনৰ আন এটা নাম হ’ল শিকন। শিক্ষণ হ’ল ছাত্ৰ-ছাত্ৰীৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু আবেগ অনুভূতিৰ প্ৰশিক্ষণ আৰু ইয়াৰ শিকন সাধন হয়। এটা উপকাৰী শিকন পৰিবেশৰ অবিহনে শিকন সংঘটিত হ’ব নোৱাৰে। উত্তম শিক্ষণৰ অৰ্থ হ’ল সৰ্ব্বোচ্চ শিকন। সেইবাবে শিক্ষা প্ৰক্ৰিয়া বা শিক্ষণৰ মুখ্য বস্তু হিচাপে শিকন সম্পাদন কৰা উচিত।
প্ৰতিভাবান ছাত্ৰ(Gifted or talented children):
যিবোৰ ছাত্ৰ-ছাত্ৰীৰ উন্নত দৈহিক আৰু মানসিক যোগ্যতা থাকে তেওঁলোকক প্ৰতিভাৱান ছাত্ৰ বোলে। এই সকল ছাত্ৰৰ বুদ্ধ্যাংকৰ পৰিমাণ অনুসৰি বিভিন্ন পৰ্য্যায়ত বিভক্ত কৰা হয়। সাধাৰণভাৱে তেওঁলোকৰ বুদ্ধ্যাংক ১২০ আৰু ১৪০ৰ ভিতৰত থাকে। যিবোৰ ছাত্ৰ-ছাত্ৰী অসাধাৰণ প্ৰতিভাৱান তেওঁলোকৰ এই পৰিমাণ ১৬০ৰ ওপৰতো পাব পৰা হয়।
প্ৰতিভাৱান ছাত্ৰৰ উন্নত মানসিক যোগ্যতা তেওঁলোকৰ বিভিন্ন ক্ৰিয়া আচৰণৰ যোগেদি সহজে প্ৰকাশ পায়। পৰিৱেশত কৰা উন্নত মানৰ ক্ৰিয়া আচৰণে তেওঁলোকৰ প্ৰতিভাৰ পৰিচয় দিয়ে। তেওঁলোকে জন্মগতভাৱে উন্নত গুণ সকলো দিশতে যেনে কলা, সংগীত, সাহিত্য, দৰ্শন, বিজ্ঞান, কাৰিকৰী বিজ্ঞান তথা নেতৃত্ব প্ৰদান ইত্যাদিত লাভ কৰে। উন্নত বৌদ্ধিক মান বিশিষ্টতা, সৃজনাত্মক শক্তি ক্ষমতা আৰু জন্মগত প্ৰতিভাই কোনো এক দিনত চমকপ্ৰদ ভাৱে প্ৰকাশ লাভ কৰি উঠে। প্ৰতিভাৱান ছাত্ৰৰ উন্নত মান বিশিষ্টতা কেৱল মানসিক দিশতে নহয়, দৈনিক দিশতো প্ৰকাশ লাভ হয়। তেওঁলোকৰ উন্নত দৈহিক গঠন আৰু ৰোগ মুক্ততা, স্নায়ৱিক ক্ষিপ্ৰ্তা আৰু দেহ সঞ্চালন ক্ষমতাৰ পটুতা আদি পৰিলক্ষিত হয়। গ্ৰহণেন্দ্ৰিয় সমূহৰ গ্ৰহণ ক্ষমতা, প্ৰতিক্ৰিয়াৰ প্ৰখৰতা আৰু যথাৰ্থতা আদি সাধাৰণ শিশুতকৈ অধিক হয়।
প্ৰতিভাৱান ছাত্ৰৰ শিক্ষা ব্যৱস্থা(Educational provision for the Gifted):
প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশৰ বাবে শিক্ষক অথবা বিদ্যালয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত তলত দিয়া দিশ কেইটা উল্লেখযোগ্য।
ক)শিক্ষকে প্ৰতিভাৱান ছাত্ৰৰ নিজা শক্তি ক্ষমতাৰ স্বৰূপ জানিবলৈ চেষ্টা কৰিব লাগে আৰু সেই মতে শিক্ষাদান কৰিব লাগে।
খ)তেওঁলোকৰ বাবে উন্নতমানৰ অতিৰিক্ত পাঠ্যসূচী আৰু কাৰ্য্যসূচী যুগুত কৰিব লাগে।
গ)পাঠ্যক্ৰমৰ পৰিসৰ ব্যাপক হোৱা উচিত যাতে জ্ঞানৰ এক বহল ধাৰণা তেওঁলোকক দিব পৰা যায়।
ঘ)প্ৰতিভাৱান ছাত্ৰৰ বাবে বিশেষজ্ঞ শিক্ষক নিয়োগ কৰিব লাগে আৰু সেই বিষয়ত বিশেষ্ট জ্ঞান বিশ্লেষণাত্মক ভাবে অধ্যয়নত উৎসাহিত কৰিব লাগে।
ঙ)শিক্ষানুষ্ঠানত উন্নত পুথিভঁৰাল, পৰীক্ষাগাৰ আৰু শিক্ষা পৰিবেশ গঢ় দি তুলি জ্ঞানৰ পৰীক্ষা নিৰীক্ষা আৰু গৱেষণা আদিৰ প্ৰতিও আগ্ৰহী কৰি তুলিব লাগে।
শিশুৰ কেতবোৰ বিশেষ সমস্যা জড়িত আচৰণ(Some common behaviour problem of children):
শিশুৰ দৈহিক সমস্যা জড়িত আচৰণবোৰৰ ভিতৰত পৰে-
ক)খোৱাৰ সমস্যা
খ)নিদ্ৰাৰ সমস্যা
গ)বিছনাত প্ৰস্ৰাৱ কৰা
ঘ)কদৰ্য্যতাৰ সৃষ্টি কৰা
ঙ)অস্বাভাৱিক আচৰণেৰে মনোযোগ আকৰ্ষণ কৰা ইত্যাদি।
আনহাতে বাল্যকালত কেতবোৰ সমস্যা জড়িত আচৰণ হৈছে-
ক)খং দেখুওৱা
খ)আক্ৰমণাত্মক আচৰণ
গ)চুৰ কৰা
ঘ)বাক অস্বাভাৱিকতা ইত্যাদি।
শিশুৰ সমস্যা জড়িত আচৰন সংশোধন কৰা উপায়(How to remove behaviour problem of children):
শিশুৰ সমস্যা জড়িত আচৰণৰ প্ৰধান কাৰণ হৈছে তাৰ অসুস্থ পৰিবেশৰ প্ৰভাৱ। শিশুৰ পৰিৱেশে যদি তাৰ মনো-দৈহিক প্ৰয়োজনবোৰ পূৰণত ব্যৰ্থ হয় তেন্তে সি শিশুৰ সমস্যা জড়িত আচৰণৰ সৃষ্টি কৰে। এই আচৰণ সমূহ আঁতৰ কৰিবলৈ হ’লে তলত দিয়া ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগিব।
ক)মাক-দেউতাকে শিশুক ঘৰুৱা পৰিবেশত যথেষ্ট মৰম চেনেহ প্ৰদান কৰিব লাগে আৰু ঘনিষ্ঠ দৈহিক সংপৰ্শ ৰক্ষা কৰি চলিব লাগে।
খ)মাক-দেউতাকে শিশুৰ দৈহিক প্ৰয়োজনসমূহ যেনে খোৱা, পিন্ধা আদিৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয় কথা।
গ)শিশুৰ স্কুলীয়া পৰিবেশো উন্নত ধৰণে গঢ় দি তুলিব লাগে আৰু খেলা-ধূলাৰ সাসুবিধাৰ প্ৰতি নজৰ ৰাখিব লাগে।
ঘ)শিশুক আবেগিক নিৰাপত্তা প্ৰদান কৰা দায়িত্ব শিক্ষক আৰু অভিভাৱকসকলৰ।
ঙ)কৈশোৰ কালত ল’ৰা আৰু ছোৱালীক প্ৰয়োজন অনুসৰি বৃত্তীয় আৰু শৈক্ষিক নিৰ্দেশনা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
ওপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে শিশুৰ দেহ-মনৰ প্ৰয়োজন সম্বন্ধে বয়সস্থসকলৰ অজ্ঞতাই তেওঁলোকৰ আচৰণজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে প্ৰত্যেক অভিভাৱক তথা শিক্ষকসকলে শিশুৰ প্ৰতিটো প্ৰয়োজনৰ প্ৰতি চোকা নজৰ প্ৰদান কৰিব লাগে।
শিক্ষাদানৰ প্ৰধান পৰ্য্যায় সমূহ(Stages of teaching):
শিক্ষাদানৰ প্ৰধান পৰ্য্যায় তিনিটা।
এইকেইটা হ’ল-
ক)পূৰ্ব কাৰ্যকৰী পৰ্য্যায় বা কাৰ্যৰ পূৰ্ব পৰ্য্যায়(Pre-active stage)।
খ)কাৰ্যফ সম্পাদন পৰ্য্যায় বা পৰস্পৰ ক্ৰিয়াশীল পৰ্য্যায়(Interactive stage)।
গ)উত্তৰ ক্ৰিয়াশীল পৰ্য্যায় বা কাৰ্যৰ পশ্চাৎ পৰ্য্যায়(Post active stage)।
এই পৰ্য্যায় কেইটাৰ চমু বিৱৰণ তলত দিয়া হ’ল-
ক)পূৰ্ব কাৰ্যকৰী পৰ্য্যায়:
শ্ৰেণী কোঠাত শিক্ষাদান কৰিবলৈ প্ৰৱেশ কৰাৰ আগতে শিক্ষকে যিবোৰ পদক্ষেপ হাতত লয় সেই সকলোবোৰতে শিক্ষাদান প্ৰক্ৰিয়াৰ পূৰ্ব কাৰ্যকৰী স্তৰৰ অন্তৰ্ভুক্ত কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াটো ফলপ্ৰসূ কৰিবলৈ হ’লে কিছুমান পূৰ্ব পৰিকল্পনাৰ প্ৰয়োজন। এইবোৰৰ ভিতৰত পাঠ পৰিকল্পনা প্ৰস্তুত কৰা, শ্ৰেণী কোঠা শিক্ষাদানৰ বাবে প্ৰস্তুত কৰা, অভীক্ষাৰ বিৱৰণ অধ্যয়ন কৰা, প্ৰশ্নকাকত যুগুতোৱা ইত্যাদি অন্তৰ্ভুক্ত কৰিব পাৰি। শ্ৰেণীৰ কাৰ্য নিয়মমতে সম্পাদনৰ বাবে এই কাৰ্যসমূহ শিক্ষকৰ বাবে প্ৰয়োজনীয়। পূৰ্ব কাৰ্যকৰী পৰ্য্যায়ত শিক্ষকে শিক্ষাদান প্ৰক্ৰিয়াৰ সম্ভাব্য ফলাফলৰ বিষয়ে অনুমান কৰিব পাৰে। শিক্ষা আহৰণৰ কাৰণে শিক্ষাৰ্থীক কি কৌশলেৰে শ্ৰেণীবদ্ধ কৰিব অথবা কেনেকুৱা ধৰণৰ পাঠ্যপুথি ব্যৱহাৰ কৰিব সেই বিষয়ে শিক্ষকে এই স্তৰতে সিদ্ধান্ত লয়।
খ)কাৰ্য সম্পাদন পৰ্য্যায়:
শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্য্যায় হৈছে কাৰ্য সম্পাদন পৰ্য্যায়। এই স্তৰত শিক্ষকে পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰে। ইয়াত শিক্ষকৰ আচৰণ স্বত:সফূৰ্তভাৱে প্ৰকাশ পায়।
শিক্ষাবিদ Jacksonৰ মতে এই পৰ্য্যায়টোত শিক্ষকে শিক্ষাৰ্থীক বিভিন্ন ধৰণে উদ্দীপনা মৌখিকভাৱে প্ৰদান কৰে, বৰ্ণনা আগবঢ়ায় আৰু প্ৰশ্ন অৱতাৰণা কৰে। শিক্ষাৰ্থী সকলৰ প্ৰতিক্ৰিয়া মনোযোগেৰে শুনি লয় আৰু প্ৰয়োজনীয় নিৰ্দেশনা তথা উপদেশ আগবঢ়ায়। এই স্তৰটোৰ মূল কাম হ’ল-
১)শ্ৰেণীৰ আকাৰ নিৰ্ধাৰণ কৰা।
২)শিক্ষাৰ্থীৰ সমস্যা চিনাক্তকৰণ কৰা।
৩)কাৰ্য, কৃতিত্ব তথা প্ৰতিক্ৰিয়াৰ বুজ লোৱা। ইয়াৰোপৰি কাৰ্য সম্পাদন পৰ্য্যায়টোত অন্তৰ্ভুক্ত কৰা প্ৰধান দিশ কেইটা হ’ল-
ক)বিষয়বস্তুৰ উপস্থাপন।
খ)শিক্ষা আহৰণৰ ধৰণ।
গ)শিক্ষাৰ্থী সম্বন্ধে পূৰ্ব ধাৰণা। শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াত কাৰ্য সম্পাদন স্তৰে শ্ৰেণীকোঠাত এক অনুকূল বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হয়।
উত্তৰ ক্ৰিয়াশীল পৰ্য্যায় বা কাৰ্যৰ পশ্চাৎ পৰ্য্যায়(Post active stage):
শিক্ষাদান প্ৰক্ৰিয়াৰ শেষৰ স্তৰটোক মূল্যায়ন পৰ্য্যায় বুলি কোৱা হয়। শ্ৰেণী কোঠাত এই স্তৰটোত শিক্ষকে সম্পাদন কৰা কাৰ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীৰ কাৰ্যৰ মূল্যায়ণ কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তত শিক্ষাৰ্থীৰ আচৰণ পৰিৱৰ্তনৰ দিশটোৰ ওপৰত গুৰুত্ব দিয়া হয়। শিক্ষকে মৌখিক বা লিখিত প্ৰশ্ন এই স্তৰত অৱতাৰণা কৰা দেখা যায়। সাধাৰণতে, তলত উল্লিখিত কাৰ্যসমূহ এই স্তৰৰ প্ৰধান কাৰ্য হিচাপে বিবেচনা কৰা দেখা যায়।
ক)শিক্ষাদান প্ৰক্ৰিয়াত সাধন হোৱা মূল দিশ সমূহ।
খ)পৰীক্ষা কৰাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰা।
গ)শিক্ষাদানৰ কৌশলসমূহৰ উন্নতি সাধন কৰা।
বিভিন্ন শিক্ষণ পদ্ধতি(Different methods of teaching):
বিভিন্ন শিক্ষণ পদ্ধতিৰ ভিতৰত বক্তৃতা(Lecture method) আৰু প্ৰকল্প পদ্ধতিয়ে প্ৰধান। এই দুটা পদ্ধতিৰ চমু বিৱৰণ তলত দাঙি ধৰা হ’ল-
ক)বক্তৃতা পদ্ধতি(Lecture method):
বক্তৃতা হৈছে আটাইতকৈ পুৰণি শিক্ষণ পদ্ধতি। এই পদ্ধতি মাধ্যমিক পৰ্য্যায়ৰ পৰা উচ্চ পৰ্য্যায়লৈ শিক্ষক সকলে ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ সমাজ অধ্যয়ন, ভাষা অধ্যয়ন, ভূগোল ইত্যাদি বিষয় শিকাবলৈ শিক্ষকে বক্তৃতা পদ্ধতি ব্যৱহাৰ কৰা দেখা যায়। এই পদ্ধতি ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে-
ক)অভিৰোচিত কৰা: ছাত্ৰ-ছাত্ৰী সকলক নিৰ্দিষ্ট পাঠৰ প্ৰতি অভিৰোচিত কৰিবলৈ শিক্ষক সকলে বক্তৃতা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। বক্তৃতাৰ জৰিয়তে শিক্ষকে পাঠৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।
খ)সময়ৰ মিতব্যয়িতা: বক্তৃতাৰ জৰিয়তে খুউব কম সময়ৰ ভিতৰতে শিক্ষকে নিৰ্দিষ্ট বিষয়ৰ লাগতিয়াল কথাখিনি ছাত্ৰ-ছাত্ৰীক বুজাই দিবলৈ সক্ষম হয়। সেয়েহে এই পদ্ধতিৰ দ্বাৰা সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰি।
গ)সুস্পষ্টতা: বক্তৃতা পদ্ধতিৰ জৰিয়তে পঠনীয় বিষয় শিক্ষকে সুস্পষ্টভাৱে ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত শিক্ষকসকলৰ নিৰ্দিষ্ট বিষয়ৰ স্পষ্ট ধাৰণা থকা উচিত।
বক্তৃতা পদ্ধতিৰ সুবিধাবোৰ হ’ল-
ক)অতি কম সুবিধাৰ সহায়ত একেলগে কম খৰচতে অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা সম্ভৱ।
খ)এজন শিক্ষকৰ দ্বাৰা একে লগে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰাটো।
গ)বক্তৃতা পদ্ধতি এটা নমনীয় পদ্ধতি। বিষয়বস্তুৰ বৈশিষ্ট্য, শ্ৰেণী পৰিৱেশৰ সুবিধা, শ্ৰেণীৰ সময়, ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাৰ স্তৰ আদিৰ উপযুক্ত মূল্যায়ণেৰে নানা ধৰণে এনে পদ্ধতি বা কৌশল প্ৰয়োগ কৰাটো সম্ভৱ।
ঘ)শিক্ষকে বিষয়বস্তুৰ গভীৰ জ্ঞান, বৌদ্ধিক যোগ্যতা, ৰসিকতা, অ-কথিত জ্ঞান যেনে- শৰীৰৰ অংগী-ভংগী আৰু গতি, যুক্তিপূৰ্ণ উক্তি, গভীৰ আগ্ৰহ আদিৰ দ্বাৰা সহজে ছাত্ৰ-ছাত্ৰী সকলৰ মনোযোগ আৰু আগ্ৰহ দুয়োটাই জগাই তুলিব পাৰে।
ঙ)বক্তৃতা পদ্ধতিৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তুৰ জ্ঞান আহৰণ কৰা, বিষয়বস্তু হৃদয়ংগম কৰাৰ উপৰিও দলীয় মনোভাৱৰ বিকাশ সাধন কৰাৰ সুবিধা লাভ কৰে।
ইয়াৰোপৰি বক্তৃতা পদ্ধতিয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত গভীৰ সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰে। শিক্ষকে এই পদ্ধতিৰ সহায়ত নিৰ্দিষ্ট পাঠৰ লগত সংগতি ৰাখি বিভিন্ন উদাহৰণ দাঙি ধৰিব পাৰে যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণত সুবিধা হয়।
খ) প্ৰকল্প পদ্ধতি(Project method):
আমেৰিকাৰ প্ৰয়োগবাদী দাৰ্শনিক জন ডিউইৰ শিক্ষাদৰ্শনৰ আধাৰত তেওঁৰ এজন অনুগামী উইলিয়াম কিলপ্ৰেট্ৰিকে উদ্ভাৱন কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পদ্ধতিটোৰ নাম প্ৰকল্প পদ্ধতি।
প্ৰকল্প পদ্ধতিৰ বৈশিষ্ট্য:
ক)শিক্ষাৰ্থীসকলক উদ্দেশ্যপূৰ্ণভাৱে জীয়াই থাকিবলৈ শিকোৱা।
খ)শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি কাম কৰিবলৈ সুবিধা দিয়া।
গ)শিক্ষাৰ্থীসকলে নিজৰ প্ৰচেষ্টাৰেই নিজৰ অন্তৰ্নিহিত সম্ভাৱনা সমূহৰ বিকাশ সাধনৰ সুবিধা পায়।
ঘ)এটা প্ৰজেক্টে প্ৰতিজন শিক্ষাৰ্থীকে সমাজৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ সুবিধা প্ৰদান কৰে।
ঙ)প্ৰকল্প পদ্ধতিত শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ সমন্বয় ঘটে।
প্ৰকল্পৰ বিভিন্ন পৰ্য্যায়:
উদ্দেশ্যপূৰ্ণভাৱে বা কাম সদায় পৰিকল্পিতভাৱে সম্পাদনা কৰা হয় আৰু পৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ যাওঁতে কিছুমান পৰ্য্যায়ৰ মাজেদি গ’লেহে সমস্যাটো সমাধান কৰিব পৰা যায়।
প্ৰকল্পৰ সেই পৰ্য্যায়বোৰ হ’ল-
ক)উদ্দেশ্য স্থিৰকৰণ(Purposing)
খ)পৰিকল্পনা(Planning)
গ)সম্পাদনা(Executing)
ঘ)বিচাৰকৰণ বা মূল্যায়ণ(Evaluation)
ঙ)লিপিবদ্ধকৰণ(Recording)
শিক্ষকৰ গুণাৱলীসমূহ(Teacher’s Oualities):
ছাত্ৰ-ছাত্ৰীসকলৰ মনত পৰোক্ষ আৰু মনোবৈজ্ঞানিক প্ৰভাৱ পেলাবৰ বাবে শিক্ষকৰ বিশেষ কিছুমান গুণৰ প্ৰয়োজন। এই সমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি-
ক)দৈহিক উপযুক্ততা(Physical fitness): শিক্ষকৰ দৈহিক আকৰ্ষণীয়তাই ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে প্ৰভাৱাম্বিত কৰে। দৈহিক উপযুক্ততাৰ ফালৰ পৰা শিক্ষকৰ দৃষ্টিশক্তি, শ্ৰৱণ শক্তি, স্ব-ধ্বনি আদি অত্যন্ত স্বাভাৱিক আৰু দোষমুক্ত হোৱাটো বাঞ্চনীয়।
খ)বৌদ্ধিক সক্ৰিয়তা(Intellectual activity): শিক্ষকসকল বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হ’ব লাগে। তেওঁলোকৰ এক অধ্যয়নপুষ্ট মন, নতুন জ্ঞানৰ প্ৰতি স্পৃহা আৰু অনুসন্ধিৎসাৰ স্বভাৱেহে ছাত্ৰ্ সকলৰ মনত নিজকে নিত্য নতুন কৰি ৰাখিব পাৰে।
গ)মনোবৈজ্ঞানিক সচেতনতা(Psychological consciousness): শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মন পৰিচালিত কৰিবৰ বাবে মনোবৈজ্ঞানিকভাৱে সচেতন হোৱা উচিত। শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ নিৰীক্ষণ আৰু সেইবোৰৰ সমাধানৰ বাবে মনোবিজ্ঞানৰ বিভিন্ন নীতি আৰু পদ্ধতি সমূহৰ লগত শিক্ষক সকল পৰিচিত। হ’ব লাগে। ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু অভিৰুচিৰ ওপৰত গুৰুত্ব দি শিক্ষা দিবলৈ হ’লে শিক্ষক সকলৰ মনোবিজ্ঞানৰ জ্ঞান থকাটো দৰকাৰ।
ঘ)আৱেগিক নিয়ন্ত্ৰ্ণ(Emotional Control): ছাত্ৰৰ নিয়ন্ত্ৰণ আৰু অনুশাসনকাৰী শিক্ষক নিজেই আত্ম-নিয়ন্ত্ৰিত হোৱা উচিত। তেওঁ নিজে আৱেগ অনুভূতিবোৰ নিয়ন্ত্ৰিত কৰিব পাৰিলেহে শিক্ষাৰ বিভিন্ন সমস্যাসমূহ সুস্থিৰভাৱে সমাধান কৰিব পাৰে।
ঙ)বিনম্ৰতা(Politeness): শিক্ষকৰ আন এটা প্ৰধান গুণ হৈছে বিনম্ৰতা। উচ্চ চিন্তা আৰু সৰল জীৱন-যাপনে তেওঁক স্বাভাৱিকতেই বিনয়ী আৰু মৰমিয়াল কৰি তুলিব লাগে। এনে ব্যক্তিত্বৰ দ্বাৰা তেওঁ সমাজৰ সকলো ব্যক্তিকেই সহজে আকৰ্ষণ কৰিব পাৰে।
চ)নিয়মানুগত্যতা(Sense of discipline): শিক্ষক সদায় নিয়মানুবৰ্তী হোৱা উচিত। শিক্ষকসকলে সমাজৰ আৰু স্কুলৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি আস্থা, নিষ্ঠা আৰু আনুগত্যৰ ভাৱ দেখুৱাব লাগে। ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁ নিজেই এক উদাহৰণ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ উঠিব লাগে।
ছ)সহানুভূতিশীলতা(Sense of Sympathy): শিক্ষকৰ অন্তৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সদায় কোমল, সংবেদনশীল আৰু সহানুভূতিশীল হ’ব লাগে। শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ সুখত সুখী আৰু দুখত দুখী হ’ব পৰা অনুভূতিশীলতাৰেহে তেওঁ সকলোৰে সহযোগিতা লাভ কৰিব পাৰে।
শিক্ষা পৰিচালনাত শিক্ষকৰ ভূমিকা(Rule of teachet in educational management):
সুস্থ শিক্ষা পৰিচালনাৰ বাবে উপযুক্ত শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰি তোলাটো শিক্ষকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। ছাত্ৰক শিক্ষাদান কৰাৰ পূৰ্বে শিক্ষকে তেওঁৰ শৈক্ষিক বছৰটোৰ বাবে কৰিব লগা কাৰ্য্যসূচীৰ পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰি তুলিব লাগে।
শিক্ষা পৰিচালনাৰ ক্ষেত্ৰত ছাত্ৰৰ বাবে অনুমোদিত পাঠ্যক্ৰম আৰু কাৰ্য্যক্ৰম আৰু কাৰ্য্যসূচীসমূহ স্কুলৰ ক্ৰিয়া সম্পাদন কৰিব লগা দিন কেইটাৰ সময়সূচী অনুসৰি সাপ্তাহিক, মাহেকীয়া আৰু ছমহী্যা ক্ৰিয়াসূচী স্বৰূপে বিভক্ত কৰি ল’ব লাগে। শিক্ষাৰ এই ক্ৰিয়া-আঁচনি প্ৰস্তুত কৰা হ’লেহে তেওঁৰ বছৰেকীয়া শৈক্ষিক কৰ্তব্য সূচাৰুৰূপে সম্পাদন কৰাটো সম্ভৱ হৈ উঠিব পাৰে।
ইয়াৰোপৰি শিক্ষাক সুস্থভাৱে পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় আইন-কানুন প্ৰণয়ন কৰা আৰু সেইবোৰ যাতে ছাত্ৰৰ দ্বাৰা যথাযথভাৱে প্ৰতিপালিত হয় তাৰ ব্যৱস্থা কৰা শিক্ষকৰ কৰ্তব্যৰ ভিতৰুৱা। ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনীয় ক্ষেত্ৰত শাস্তি আৰু পুৰস্কাৰ প্ৰ্দানৰ ব্যৱস্থা কৰাও শিক্ষা পৰিচালনাৰ অন্তৰ্গত। সেয়েহে শিক্ষকে শাস্তি আৰু পুৰস্কাৰ দিয়াৰ নীতি মানি চলা দৰকাৰ।
বিদ্যালয়ৰ সমাজখন সুস্থভাৱে পৰিচালিত কৰিবলৈ শিক্ষকে পাঠ্যক্ৰমৰ লগতে সহ-পাঠ্যক্ৰমৰো ব্যৱস্থা কৰিব লাগে। ইয়াৰ দ্বাৰা ছাত্ৰীৰ সৰ্বাত্মক বিকাশ সাধন হয়। ছাত্ৰৰ খেলা-ধূলা, নৃত্য-গীত, তৰ্ক আৰু আলোচনা চক্ৰ আদিত শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তেওঁলোকক উৎসাহিত কৰি তোলাটো তেওঁৰ কৰ্তব্য।
শিশু কেন্দ্ৰিক শিক্ষণ(Child cantred teaching):
বৰ্তমানৰ শিক্ষা হৈছে শিশু কেন্দিক। সেয়েহে বৰ্তমান শিক্ষা ব্যৱস্থাত শিশুৰ প্ৰয়োজন, পাৰদৰ্শিতা, ইচ্ছা, আৰু আকাংখ্যাৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰা উচিত। শিশুকেন্দ্ৰিক শিকনৰ ভেটি হ’ল আচৰণবাদী মনোবিজ্ঞান। আচৰণবাদী সকলৰ মতে উদ্দীপক আৰু সহাঁৰিৰ মাজত সম্পৰ্ক সাধনেই হ’ল শিক্ষণ। ইয়াত উদ্দীপকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত তেওঁলোকৰ বাঞ্চিত সহাঁৰিৰ বাবে উপস্থাপন কৰা সংকেত, বাৰ্ত্তা, প্ৰশ্ন ইত্যাদিক সূচায়। আচৰণবাদী সকলে বিশ্বাস কৰে যে শিকন এক নিজস্ব কাৰ্য্য আৰু নিজৰ পৰিৱেশৰ লগত শিক্ষাৰ্থীৰ ধাৰাবাহিক সহাঁৰিৰ যোগেদি শিকন সাধন কৰিব পাৰি।
এই পদ্ধতিত শিক্ষাৰ্থীৰ ওপৰত একো জাপি দিয়া নহয়। শিকনৰ এক নমনীয় পদ্ধতি হিচাপে ই শিক্ষাৰ্থী সকলক নিজস্ব গতিবেগত আৰু নিজে বিচৰা ধৰণে শিকাৰ সুযোগ প্ৰদান কৰে। ইয়াত শিকাটো কেবল শিক্ষাৰ্থীৰ কৰ্ম হিচাবে লোৱা হয়। শিকনৰ বাবে শিকাৰু নিজে দায়ী হয়। ইয়াৰ মূল কথা হ’ল শিকন এক নিজস্ব কাৰ্য্য আৰু আত্ম অনুদেশৰ দ্বাৰাহে মানবীয় গুণসমূহ বিকশিত হ’ব পাৰে। বৰ্তমান এই শিকন পদ্ধতিয়ে যথেষ্ট গুৰুতৰ লাভ কৰিছে।
দক্ষতা ভিত্তিক শিক্ষন(Competency based teaching):
বৰ্তমান সময়ত শিক্ষণ কাৰ্য্য দক্ষতা ভিত্তিক আৰু কৰ্মকেন্দ্ৰিক কৰাৰ প্ৰয়োজন হৈ পৰিছে। শিক্ষণ দক্ষতাই শিক্ষকৰ কেৱল বিষয়বস্তুৰ ওপৰত জ্ঞান থকাকে নুবুজায়। ই শিক্ষকৰ বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ উপৰিও শিক্ষণ পদ্ধতি আৰু প্ৰয়োগ কৌশলৰ ব্যৱহাৰ, প্ৰশ্নকৰণ, শিক্ষণ সঁজুলিৰ ব্যৱহাৰ, ছাত্ৰ-ছাত্ৰীক অংশ গ্ৰহণ কৰোৱাৰ সামৰ্থ্য, ব্যক্তিত্ব, শ্ৰেণীৰ লগত সম্পৰ্ক, শ্ৰেণী কক্ষ পৰিচালনা আৰু উদ্দেশ্য সম্পৰ্কে স্পষ্টতাৰ সামগ্ৰিক মূল্যায়নক সূচায়। সফল শিক্ষণ দক্ষতাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি।
ক)শিক্ষায়তনিক দক্ষতা আৰু
খ)ব্যক্তিগত দক্ষতা।
শিক্ষায়তনিক দক্ষতাৰ ভিতৰত শিক্ষকৰ থাকিবলগীয়া গুণখিনি হ’ল-
১)যথোপযুক্ত সাধাৰণ জ্ঞান,
২)জ্ঞান পিপাসা,
৩)প্ৰকাশ সাৱলীলতা,
৪)শিক্ষণ অভিজ্ঞতা,
৫)বৃত্তিটোৰ প্ৰতি ভাল পোৱা,
৬)প্ৰগতিশীল দৃষ্টিভংগী।
আনহাতে ব্যক্তি দক্ষতাৰ ভিতৰত থাকিবলগীয়া গুণ সমূহ হ’ল-
১)শাৰীৰিক সুস্থতা,
২)আবেগিক আৰু মানসিক স্বাস্থ্য,
৩)উপযুক্ত মেধাশক্তি,
৪)সৎচৰিত্ৰ,
৫)শিশুৰ প্ৰতি প্ৰেম,
৬)ৰসবোধ,
৭)গণতান্ত্ৰিক দৃষ্টিভঙ্গী,
৮)সহানুভূতি,
৯)আত্ম বিশ্বাস,
১০)সমাজপ্ৰিয়তা।
অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থা(Continuous and comprehensive evaluation):
ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ অন্তত যি পৰীক্ষা কাৰ্য্য সম্পাদন কৰা হয় তাকেই সাধাৰণ অৰ্থত মূল্যায়ন বোলা হয়। শিক্ষাদানৰ বেলিকা ছাত্ৰ-ছাত্ৰীসকল কিমানখিনি উপকৃত হয় বা নিৰ্দ্দিষ্ট পাঠৰ প্ৰতি কিমানখিনি ধাৰণা আয়ত্ব কৰিব পাৰে এইবোৰৰ পৰীক্ষা কৰাৰ বাবে মূল্যায়ন ব্যৱস্থা কৰা হয়। ছাত্ৰক শিক্ষাদানৰ অন্তত পৰীক্ষা কাৰ্য্য সম্পাদন কৰি তেওঁলোকৰ আৰ্জিত জ্ঞানৰ বুজ লোৱাটো সাপ্তাহিক, মাহেকীয়া, ছমহীয়া, বছৰেকীয়া আদি পৰীক্ষা অনুষ্ঠিত কৰি এক অবিৰতভাৱে ছাত্ৰৰ মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে।
বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা ব্যৱস্থাত কিছুমান নতুন পদ্ধতিত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ভিতৰত এটা হৈছে অবিৰত সামূহিক মূল্যায়ণ ব্যৱস্থা। ইয়াৰ অৰ্থ এয়ে যে ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যেক দিনাই কিমানখিনি শিক্ষা গ্ৰহণ কৰিছে এই বিষয়ে অবিৰতভাৱে কিছুমান শিক্ষাৰ মূল্যায়ণ ব্যৱস্থা কৰা। এনে মূল্যায়ন ব্যৱস্থাত ব্যক্তিনিষ্ঠ প্ৰশ্নতকৈ বস্তুনিষ্ঠ প্ৰশ্ন প্ৰস্তুতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। কাৰণ বস্তুনিষ্ঠ প্ৰশ্নৰ দ্বাৰাহে ছাত্ৰ-ছাত্ৰীৰ নিৰ্দিষ্ট পাঠৰ বিষয়ে স্পষ্ট ধাৰণা আছে নে নাই তাৰ উমান পোৱা যায়। এই ক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ট ভূমিকা আছে। পৰীক্ষা ব্যৱস্থা অধিক নিৰ্ভৰযোগ্য কৰি তুলিবৰ বাবে গ্ৰহণ কৰা নতুন নতুন পৰীক্ষা-নিৰীক্ষা আদিৰ লগত শিক্ষকসকল ভালদৰে পৰিচিত হ’ব লাগে। ইয়াৰোপৰি শৈক্ষিক মূল্যায়ণৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা ৰক্ষা কৰি চলিবৰ বাবে শিক্ষক সকলে বিবিধ প্ৰশ্ন(ব্যক্তিনিষ্ঠয়েই হওঁক বা বস্তুনিষ্ঠই হওঁক) প্ৰস্তুতি কৌশল জানিব লাগে। অবিৰত সামূহিক মূল্যায়ণে ছাত্ৰ-ছাত্ৰী সকলক নিৰ্দ্দিষ্ট বিষয়ৰ জ্ঞান পুংখানুপুংখভাৱে আয়ত্ব কৰাত সহায় কৰে।
ৰিমেডিয়েল টিচিং(Remedial teaching):
আধুনিক শিক্ষা ব্যৱস্থাত ৰিমেডিয়েল অথবা প্ৰতিকাৰমূলক শিক্ষণৰ ধাৰণা আপেক্ষিকভাৱে নতুন। এই শিক্ষাৰ প্ৰধান কাম হৈছে অতি দুৰ্বল প্ৰকৃতিৰ মৌলিক বা শিকোৱা আৰু শিকা প্ৰক্ৰিয়াৰ কু-ফল সমূহ আতঁৰ কৰা। অৰ্থাৎ শ্ৰেণী পৰিৱেশৰ নিয়মিত শিক্ষণৰ অতি দুৰ্বল দিশসমূহৰ প্ৰতিকাৰ সাধনৰ বাবেহে প্ৰতিকাৰ মূলক শিক্ষণ অতি প্ৰয়োজনীয়। শিকোৱা প্ৰক্ৰিয়াৰ দুৰ্বল দিশসমূহে শিকা প্ৰক্ৰিয়াও দুৰ্বল কৰি তোলে। গতিকে শিকোৱা আৰু শিকা প্ৰক্ৰিয়াৰ এনে দুৰ্বলতা আতঁৰ কৰাৰ বাবে প্ৰতিকাৰমূলক শিক্ষণৰ প্ৰয়োজনীয়তা অধিক। শিক্ষকৰ দুৰ্বল আৰু ভুল শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ শিকা প্ৰক্ৰিয়াৰ দিশ বিপথে পৰিচালিত কৰে। দুৰ্বল আৰু ভুল শিক্ষণে শিক্ষাৰ সঁজুলি অথবা উপকৰণসমূহ ব্যৱহাৰ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক বিশুদ্ধে নিৰ্দেশনা প্ৰদান কৰাত ব্যৰ্থ হয়। গতিকে তেনে ছাত্ৰ-ছাত্ৰীসকলক শুদ্ধ পথলৈ উভতাই অনাৰ বাবে অভিজ্ঞ শিক্ষকৰ সহায়ত এনে প্ৰতিকাৰমূলক শিক্ষণৰ ব্যৱস্থা কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলৰ ক্ৰুটিপূৰ্ণ শিক্ষণৰ দিশ আৰু তাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰি লোৱা হয়। ইয়াৰ পৰৱৰ্তী অৱস্থাত সম্পূৰ্ণ পৰিকল্পিতভাৱে অনুক্ৰম প্ৰস্তুত কৰি তেনে ভুলৰ শুধৰণি অথবা শিক্ষণৰ দুৰ্বল দিশসমূহৰ উন্নতি সাধনৰ বাবে প্ৰচেষ্টা চলোৱা হয়। এইদৰে ছাত্ৰ-ছাত্ৰীৰ দুৰ্বল ধৰণৰ অধ্যয়ণৰ অভ্যাস সমূহৰ সংস্কাৰ সাধন কৰি শক্তিশালী অধ্যয়ণৰ অভ্যাস গঠনৰ প্ৰচেষ্টা চলোৱা হয়।
ছাত্ৰ-ছাত্ৰীয়ে জনা কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিকাৰমূলক শিক্ষণৰ আৰম্ভ কৰা হয়। অৰ্থাৎ বিষয়বস্তু সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলে যিখিনি কথা জানে তাৰ পৰা তেওঁলোকৰ নানা সমস্যা সমাধান কৰি নজনা কথাবোৰৰ মাজলৈ তেওঁলোকক আগবঢ়াই নিয়া হয়। শিক্ষণৰ প্ৰক্ৰিয়াত যেতিয়াই ছাত্ৰ-ছাত্ৰীসকলে কোনো নতুন সমস্যাৰ মুখামুখী হয় তেতিয়াই প্ৰতিকাৰমূলক শিক্ষণৰ সহায়ত তেনে সমস্যা সমূহৰ প্ৰতিকাৰৰ উপায় আৰু দিকনিৰ্দেশনা প্ৰ্দান কৰা হয়। সম্পূৰ্ণ প্ৰণালীবদ্ধভাৱে শুদ্ধ পথবোৰৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক অভিৰোচিত কৰি তেওঁলোকৰ শিক্ষণ ফলপ্ৰসূ কৰি তোলা হয়। এয়ে প্ৰতিকাৰমূলক শিক্ষণৰ মূল বিষয়বস্তু।
সম্পূৰ্ণ সাক্ষৰতা অভিযান(Total Literacy Mission):
১৯৮৮ চনত সম্পূৰ্ণ সাক্ষৰতা অভিযান প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ মূল লক্ষ্য আছিল ২০০৫ চনৰ ভিতৰত পূৰ্ণ স্বাক্ষৰতা প্ৰাপ্তি। এই প্ৰকল্প এটা গঢ়ি উঠে।
ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত, জিলা পৰ্য্যায়ৰ সাক্ষৰতা কমিটীৰ জৰিয়তে অভিযানসমূহ পৰিচালিত কৰা হয়। ইয়াৰ সভাপতি হৈছে জিলা পৰিষদৰ মুখ্য সম্পাদক। অনুষ্ঠানটোৰ পৰিকল্পনাৰ ক্ষেত্ৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক প্ৰতিনিধিত্ব কৰাত সুবিধা দিয়া হয় আৰু পিছত স্বেচ্ছা সেৱক বাহিনীৰ দ্বাৰা চলাই নিয়া হয়।
ইয়াৰ পিছত, জিলাখনত এক বহলভিত্তিক পৰ্যালোচনা কৰা হয়। ই নৱ সাক্ষৰ ব্যক্তি সকলক স্বেচ্ছাসেৱী শিক্ষকসকলক আৰু নিপুণ প্ৰশিক্ষক সকলক চিনাক্তকৰণ কৰে।
শেষত বহুমুখী যোগযোগে কৌশলত জৰিয়তে এটা পৰিৱেশ গঢ় দিবলৈ প্ৰচেষ্টা চলোৱা হয়। জনসাধাৰণৰ মতামত আদান-প্ৰদান কৰা আৰু নৱ সাক্ষৰ ব্যক্তিসকলক সাক্ষৰ কৰি তোলাটোৱেই হ’ল পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্য। ইয়াৰ বাবে বিভিন্ন মাধ্যম যেনে- লোক-কৃষ্টি, যাত্ৰা, বাটৰ নাট, মুকাভিনয়, ভজন-কীৰ্তন আদি প্ৰয়োগ কৰিব পাৰি।
প্ৰশ্নোত্তৰ:
১)শিশুকেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতাসম্পন্ন শিক্ষক হ’বলৈ আৱশ্যক-
উত্তৰ: মনোবিজ্ঞানৰ জ্ঞান।
২)শিক্ষাদানৰ ক্ষেত্ৰত এগৰাকী শিক্ষকে বুজি পাব লাগিব-
উত্তৰ: ব্যক্তি পাৰ্থক্যৰ বিষয়ে।
৩)এজন শিক্ষক ছাত্ৰ-ছাত্ৰীৰ বাবে-
উত্তৰ: ক)বন্ধু
খ)দাৰ্শনিক
গ)পথ প্ৰদৰ্শক।
৪)নিৰ্দেশনামূলক সঁজুলি সমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন-
উত্তৰ: শিক্ষকৰ।
৫)শ্ৰেণীকোঠাত পাঠদান কৰোতে এগৰাকী শিক্ষকে বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ’ব লাগিব-
উত্তৰ: ক)সৰলৰ পৰা জটিললৈ
খ)জনাৰ পৰা নজনালৈ
গ)মূৰ্ত্তৰ পৰা বিমূৰ্ত্তলৈ।
৬)বৰ্ত্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল-
উত্তৰ: শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত সম্ভাৱণীয়তাৰ বিকাশ সাধন।
৭)শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তাত্বিক দিশ হ’ল-
উত্তৰ: ক)নিৰ্দেশনাৰ দিশ
খ)অভিৰোচনৰ দিশ
গ)কৌশলৰ দিশ।
৮)শিক্ষাদান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসূ কৰিবলৈ হ’লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত-
উত্তৰ: সহযোগিতা থাকিব লাগে।
৯)শ্ৰেণীকক্ষত পাঠদান কৰোতে শিক্ষকে বিৰত থাকিব লাগে-
উত্তৰ: অত্যাধিক পুণৰাবৃত্তি।
১০)শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে-
উত্তৰ: শিক্ষকৰ ব্যক্তিত্বই।
১১)মন্টেশ্বৰী স্কুলত এগৰাকী শিক্ষকক কোৱা হয়-
উত্তৰ: নিৰ্দেশিকা।
১২)আধুনিক শিক্ষা ব্যৱস্থা এগৰাকী শিক্ষকৰ প্ৰধান কৰ্ত্তব্য হ’ল-
উত্তৰ: শিক্ষাৰ্থীক জ্ঞান দান কৰা।
১৩)শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাৰ্থীক মনোনিৱেশ কৰিবলৈ-
উত্তৰ: আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে।
১৪)সুচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে মুখ্য ভূমিকা শিক্ষানুষ্ঠানত পালন কৰিব লাগে-
উত্তৰ: শিক্ষকে।
১৫)শিক্ষাৰ্থীক অভিৰোচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মতামত পোষণ কৰিছিল-
উত্তৰ: হাৰলকে।
১৬)শ্ৰেণীকক্ষৰ বাহিৰেও বাহিৰৰ পৰিৱেশতো এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰিব লাগিব-কথাষাৰ-
উত্তৰ: সত্য।
১৭)শিক্ষকে অত্যাধিক মৰম-চেনেহ আৰু আত্মবিশ্বাসৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে-
উত্তৰ: পিছপৰা শিশু সকলক।
১৮)শিশুৰ জ্ঞানমূলক, আনুভূতিক আৰু সংক্ৰিয়াত্মক দিশৰ বিকাশত বিশেষে ভূমিকা পালন কৰিব পাৰে-
উত্তৰ: শিক্ষকে।
১৯)১৪০ৰ ওপৰৰ বুদ্ধ্যাংক থকা শিক্ষাৰ্থী সকলক কোৱা হয়-
উত্তৰ: প্ৰতিভাশালী।
২০)৯০-১১০ৰ ভিতৰত বুদ্ধ্যাংক থকা সকলক কোৱা হয়-
উত্তৰ: সাধাৰণ বুদ্ধি সম্পন্ন।
২১)এখন সমাজৰ চিকিৎসক তথা শিক্ষকৰো শিক্ষক বুলি কোৱা হয়-
উত্তৰ: প্ৰধান শিক্ষকক।
২২)এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব হ’ল-
উত্তৰ: ক)বিদ্যালয়ৰ তত্বাৱধান
খ)প্ৰশাসন ৰক্ষা
গ)সমন্বয় সাধন।
২৩)আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয়-
উত্তৰ: ৬ বছৰত।
২৪)প্ৰাক-প্ৰাথমিক শিক্ষা হ’ল-
উত্তৰ: অনানুষ্ঠানিক শিক্ষা।
২৫)প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়-
উত্তৰ: আঢ়ৈ বছৰৰ পৰা চাৰে পাঁচ বছৰীয়া শিশুক।
২৬)এগৰাকী আদৰ্শ শিক্ষকৰ গুণাৱলী হ’ল-
উত্তৰ: ক)ৰসিকতা
খ)বাগ্মিতা
গ)বিষয়বস্তুৰ গভীৰ জ্ঞান।
২৭)আধুনিক শিক্ষা ব্যৱস্থা হ’ল-
উত্তৰ: শিশু কেন্দ্ৰিক।
২৮)শিশু কেন্দ্ৰিক শিক্ষাৰ বাটকতীয়া আছিল-
উত্তৰ: ৰুছো।
২৯)নেতিবাচক শিক্ষাৰ প্ৰৰ্বত্তক আছিল-
উত্তৰ: ৰুছো।
৩০)ইংৰাজী ‘School’ শব্দটো গ্ৰীক ভাষাৰ-
উত্তৰ: Skhole শব্দৰ পৰা অহা।
৩১)শিক্ষানুষ্ঠান এখনৰ মানৱ সম্পদ হ’ল-
উত্তৰ: ক)বৈষয়িক সম্পদ
খ)মানৱ সম্পদ
গ)পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰম কাৰ্যাৱলী।
৩২)বিদ্যালয় এখনৰ মানৱ সম্পদ হ’ল-
উত্তৰ: ক)শিক্ষক
খ)শিক্ষাৰ্থী
গ)বিদ্যালয়ৰ কৰ্মচাৰী।
৩৩)বিদ্যালয় এখনৰ প্ৰতিটো শ্ৰেণীকক্ষত শিক্ষাৰ্থী বহাৰ সুবিধা থাকিব লাগে-
উত্তৰ: ৫০-৬০ জন।
৩৪)বিদ্যালয় এখনত থাকিব নালাগে-
উত্তৰ: পাণদোকান।
৩৫)প্ৰাক-প্ৰাথমিক স্কুলত শিক্ষা প্ৰদান কৰা হয়-
উত্তৰ: খেলা-ধূলাৰ মাধ্যমত।
৩৬)২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হ’ব-
উত্তৰ: ৬ৰ পৰা ১৪ বছৰীয়া শিশুৰ ক্ষেত্ৰত।
৩৭)বৰ্ত্তমান আমাৰ দেশত প্ৰচলিত শিক্ষাৰ গাঁথনি হ’ল-
উত্তৰ: ১০+২+৩
৩৮)স্মৰণ স্তৰৰ শিক্ষণৰ প্ৰ্দৰ্শক আছিল-
উত্তৰ: হাৰ্বাৰ্ট স্পেনচাৰ।
৩৯)বিষয় বস্তু যেনেদৰে আছে তেনেদৰে মনত ৰখাটোৱে হ’ল-
উত্তৰ: স্মৰণ স্তৰৰ লক্ষ্যণ।
৪০)স্মৰণ স্তৰৰ শিক্ষাৰ্থীয়ে মনত ৰাখে-
উত্তৰ: যান্ত্ৰিকভাৱে।
৪১)স্মৰণ স্তৰৰ শিক্ষণ শিকনত ব্যৱহাৰ কৰা শিক্ষণ পদ্ধতি সমূহ সম্পূৰ্ণ মনোবিজ্ঞান পৰিপন্থী আৰু-
উত্তৰ: শিক্ষক কেন্দ্ৰিক।
৪২)স্মৰণ স্তৰৰ শিশুৰ বাবে অনুষ্ঠিত কৰা হয়-
উত্তৰ: সাধাৰণ মৌখিক পৰীক্ষা।
৪৩)সৰু ল’ৰা-ছোৱালীৰ বাবে অধিক ফলপ্ৰসূ বিধৰ শিক্ষা হ’ল-
উত্তৰ: স্মৰণ স্তৰৰ শিক্ষা।
৪৪)স্মৰণ স্তৰৰ শিক্ষণ-শিকনৰ আসোঁৱাহ হ’ল-
উত্তৰ: ক)প্ৰজ্ঞানাত্মক দক্ষতাৰ বিকাশ নহয়
খ)বোধ আৰু প্ৰয়োগহীন
গ)আন্ত: ক্ৰিয়াহীন।
৪৫)বোধ স্তৰৰ শিক্ষণ-শিকন স্তৰৰ শিক্ষণ শিকনতকৈ-
উত্তৰ: উচ্চ স্তৰৰ।
৪৬)বোধ স্তৰৰ শিক্ষা ব্যৱস্থা হ’ল-
উত্তৰ: মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
৪৭)বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰণোদন প্ৰকৃতি(Nature of Motivation) হয়-
উত্তৰ: বাহ্যিক।
৪৮)মননশীল স্তৰত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা হ’ল-
উত্তৰ: মুখ্য।
৪৯)মননশীল স্তৰৰ শিক্ষণ-শিকনত প্ৰণোদনৰ প্ৰকৃতি হ’ল-
উত্তৰ: আভ্যন্তৰীণ।
৫০)মননশীল স্তৰৰ শিক্ষণ-শিকনত ব্যৱহাৰ হোৱা পদ্ধতি প্ৰয়োগ কৌশল সমূহ-
উত্তৰ: শিক্ষাৰ্থী কেন্দ্ৰিক।
৫১)মননশীল স্তৰৰ শিক্ষণ-শিকনে সহায় কৰে-
উত্তৰ: মানসিক কাৰ্য্যদক্ষতা বৃদ্ধিত।
৫২)মননশীল স্তৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ দায়িত্ব-
উত্তৰ: বেছি।
৫৩)বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰকৃত বোধ আৰু শিকা কথাবোৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োগ কৰিব পৰাকৈ গ্ৰহণ কৰা পদ্ধতি হ’ল-
উত্তৰ: ক)আৰোহী-অৱৰোহী পদ্ধতি
খ)বক্তৃতা প্ৰদৰ্শন পদ্ধতি
গ)বিশ্লেষক-সংশ্লেষক পদ্ধতি।
৫৪)বোধ স্তৰৰ মূল্যায়ণ পৰীক্ষাত অধিক গুৰুত্ব দিয়া হয়।
উত্তৰ: চমু প্ৰশ্নত।
৫৫)মননশীল স্তৰৰ শিক্ষণে-
উত্তৰ: মননশীল স্তৰৰ শিকনে।
৫৬)মননশীল স্তৰত শিক্ষকৰ ভূমিকা-
উত্তৰ: গৌণ।
৫৭)প্ৰসস্ত শিক্ষাদানৰ বাবে এজন শিক্ষকৰ গাত থাকিবলগীয়া গুণ হ’ল-
উত্তৰ: ক)এটা নিৰোগী স্বাস্থ্য
খ)বৌদ্ধিক যোগ্যতা
গ)নিৰপেক্ষতা।
৫৮)শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ বাবে হ’ব লাগে-
উত্তৰ: প্ৰয়োজন ভিত্তিক।
৫৯)যি জ্ঞান জীৱনত কোনো দিন ব্যৱহাৰ কৰিব নোৱাৰি তেনে জ্ঞান-
উত্তৰ: স্কুলত প্ৰদান কৰা অনুচিত।
৬০)শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে শিক্ষাৰ্থীৰ-
উত্তৰ: বুদ্ধিৰ ওপৰত।
৬১)প্ৰচলিত শিক্ষা ব্যৱস্থাত নেতৃত্ব প্ৰদান কৰিব পৰা গুণ থকাটো নিতান্তই প্ৰয়োজনীয়-
উত্তৰ: শিক্ষকৰ।
৬২)অনভিজ্ঞ ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব পাৰে-
উত্তৰ: নিৰ্দেশনা আৰু পৰিচালনাই।
৬৩)শিক্ষা পৰিকল্পনা ৰচনা কৰাটো এটা প্ৰধান কাম-
উত্তৰ: শিক্ষকৰ।
৬৪)শৃংখলা ৰক্ষাৰ বাবে বিদ্যালয়ত কঠোৰ শাস্তি প্ৰদান কৰাটো-
উত্তৰ: অপ্ৰয়োজনীয়।
৬৫)অনগ্ৰসৰ শিশুৰ এটা প্ৰধান বৈশিষ্ট্ হ’ল-
উত্তৰ: বৌদ্ধিক নিম্নমান বিশিষ্টতা।
৬৬)উইলিয়াম কিলপেট্ৰিকে উদ্ভাৱণ কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ পদ্ধতিটোৰ নাম হ’ল-
উত্তৰ: প্ৰজেক্ট বা প্ৰকল্প পদ্ধতি।
৬৭)প্ৰকল্প পদ্ধতি হ’ল-
উত্তৰ: ক)শিক্ষাৰ্থীয়ে নিজে কৰিবলগীয়া কাম
খ)সামাজিক পৰিৱেশত সম্পন্ন কৰিব পৰা কাম
গ)শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছাত বাচি ল’ব পৰা কাম।
৬৮)এটা ভাল প্ৰকল্প থাকিবলগীয়া গুণাগুণ হ’ল-
উত্তৰ: ক)প্ৰয়োগিক জ্ঞান লাভৰ সুবিধা
খ)সময় সাপেক্ষ হোৱা
গ)বৰ সহজ বৰ জটিল নোহোৱা।
৬৯)শ্ৰেণী কক্ষত পাঠ সুচলকাৰী হিচাপে প্ৰধান ভূমিকা পালন কৰিব লাগে-
উত্তৰ: শিক্ষকে।
৭০) “এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাতেই গঢ় লয়”- মতামতটো আছিল-
উত্তৰ: কোঠাৰী আয়োগৰ।
৭১)শিক্ষা গ্ৰহণৰ বৈশিষ্ট হ’ল-
উত্তৰ: ক)শিক্ষা গ্ৰহণ এবিধ বিকাশৰ প্ৰক্ৰিয়া
খ)শিক্ষা গ্ৰহণ এবিধ সমাযোজন প্ৰক্ৰিয়া
গ)শিক্ষা গ্ৰহণ অভিজ্ঞতা সংগঠনৰ প্ৰক্ৰিয়া।
৭২)এজন প্ৰাৰম্ভিক শিক্ষকৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা সমস্যাক ভাগ কৰিব পাৰি-
উত্তৰ: দুটা ভাগত।
৭৩)ব্ৰেইলী পদ্ধতিত শিক্ষা প্ৰদান কৰা হয়-
উত্তৰ: অন্ধ সকলক।
৭৪)অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স-
উত্তৰ: কম।
৭৫)অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকক্ষত প্ৰদান কৰা সঁহাৰি-
উত্তৰ: পুতৌজনক।
৭৬)এগৰাকী শিক্ষকৰ অনগ্ৰসৰ ছাত্ৰৰ ক্ষেত্ৰত প্ৰথম কাম হ’ল-
উত্তৰ: তেওঁলোকক চিনাক্ত কৰা।
৭৭)অনগ্ৰসৰ সকলৰ বাবে প্ৰস্তুত কৰা শিক্ষা ব্যৱস্থা হ’ব লাগে-
উত্তৰ: মনোবৈজ্ঞানিক বিধৰ।
৭৮)সৰ্বসাধাৰণৰ বাবে প্ৰস্তুত কৰা সাধাৰণ শিক্ষাই অনগ্ৰসৰ সকলক-
উত্তৰ: বিশেষ সহায় নকৰে।
৭৯)সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছিল-
উত্তৰ: ১৯৮৮ চনত।
৮০)সম্পূৰ্ণ সাক্ষৰতা অভিযান আঁচনিৰ মূল উদ্দেশ্য আছিল-
উত্তৰ: দেশৰ নিৰক্ষৰতা আঁতৰ কৰা।
৮১)সম্পূৰ্ণ সাক্ষৰতা অভিযান আঁচনিখন প্ৰৱৰ্ত্তন কৰিছিল-
উত্তৰ: ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনে।
৮২)আঁচনিখন প্ৰৱৰ্ত্তন হোৱাৰ কিমান বছৰৰ ভিতৰত সম্পূৰ্ণ সাক্ষৰতা প্ৰাপ্তি ইয়াৰ লক্ষ্য আছিল?
উত্তৰ: ২০০৫ চনৰ ভিতৰত।
৮৩)সম্পূৰ্ণ সাক্ষৰতা অভিযানে প্ৰ্থমতে সামৰি লৈছিল-
উত্তৰ: ৪৪২ খন জিলাক।
৮৪)সম্পূৰ্ণ সাক্ষৰতা অভিযান আছিল-
উত্তৰ: শিক্ষাৰ্থী কেন্দ্ৰিক।
৮৫)লোক কৃষ্টি, যাত্ৰা, বাটৰ নাট, ভজন, কীৰ্ত্তন আদি প্ৰয়োগ কৰিব পৰা যায়-
উত্তৰ: সম্পূৰ্ণ সাক্ষৰতা অভিযান।
৮৬)শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায়কেইটা হ’ল-
উত্তৰ: ক)পৰিকল্পনা পৰ্যায়
খ)কাৰ্যকৰী পৰ্যায়
গ)মূল্যায়ণ পৰ্যায়।
৮৭)শ্ৰেণীকোঠাত শিক্ষকে শিক্ষাদান কৰিবলৈ যোৱাৰ আগতে যিবোৰ পদক্ষেপ হাতত লয় সেইবোৰেই হ’ল-
উত্তৰ: পূৰ্বকাৰ্যকৰী বা পৰিকল্পনা পৰ্যায়।
৮৮)পাঠদানকাৰ্য শিক্ষাৰ্থীৰ বোধগম্য হোৱাকৈ শিক্ষকে বিষয়সূচী সজাই ল’ব লাগে-
উত্তৰ: পূৰ্বকাৰ্যকৰী পৰ্যায়ত।
৮৯)শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্যায় বুলি কোৱা হয়-
উত্তৰ: কাৰ্যকৰী পৰ্যায়ক।
৯০)শিক্ষকে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব পাৰে-
উত্তৰ: কাৰ্যকৰী পৰ্যায়ত।
৯১)শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰটো হ’ল-
উত্তৰ: মূল্যায়ণ বা উত্তৰ ক্ৰিয়াশীল পৰ্যায়।
৯২)শিক্ষকে লিখিত বা মৌখিক প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে-
উত্তৰ: মূল্যায়ণ পৰ্যায়ত।
৯৩)পৰীক্ষাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰাত শিক্ষকক সহায় কৰিব পাৰে-
উত্তৰ: মূল্যায়ণ স্তৰে।
৯৪)শিক্ষাবিদ Jacksonৰ মতে শিক্ষকে শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ মৌখিক উদ্দীপনা যোগাব পাৰে-
উত্তৰ: কাৰ্যকৰী পৰ্যায়ত।
৯৫)শিক্ষাদান ব্যৱস্থাটোক ফলপ্ৰসূ কৰি তুলিবলৈ এক স্থিৰ-
উত্তৰ: পৰিকল্পনাৰ প্ৰয়োজন।
শিক্ষাদান আৰু শিক্ষণ
শিক্ষণ আৰু শিক্ষা
শিক্ষণ আৰু শিক্ষা এনে এক পদ্ধতি য'ত অনেক পৰিবতৰ্নশীল ব্যৱস্থা থাকে ৷ এই পৰিবতৰ্নশীল ব্যৱস্থাসমূহে শিক্ষাৰ্থীৰ লক্ষিত কামসমূহৰ লগত পাৰস্পৰিক যোগসূত্ৰ স্থাপন কৰি নতুন জ্ঞান, ব্যৱহাৰ আৰু দক্ষতা স্থাপন কৰে যাতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষণ অভিজ্ঞতাৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে ৷
যোৱা শতিকাত শিক্ষাৰ পৰিপেক্ষিতত দেখা গৈছে যে, জ্ঞানগত (শিক্ষা এক মানসিক প্ৰক্ৰিয়া হিচাপে), আৰু গঠনগত (শিক্ষা পদ্ধতিৰ দ্বাৰা গঠিত জ্ঞান) এই দুয়োটাকে পৃথকভাৱে বিবেচনা নকৰি একেলগে বিবেচনা কৰাই ভাল যাতে শিক্ষাৰ অভিজ্ঞতা সহ আৰু বহুতো সম্ভাৱনা লাভ কৰিব পৰা যায় ৷ সংযোগ পদ্ধতিৰ সময়ত অন্য কাৰক –যেনে বুজি পোৱাৰ ধৰণ, শিক্ষাৰ ধৰণ, আমাৰ বুদ্ধিমত্তাৰ বিভিন্ন ধৰণ, বিশেষ ভাৱে প্ৰয়োজন হোৱা আৰু বিভিন্ন সাংস্কৃতিক পৰিবেশৰ পৰা অহা সকলৰ বাবে শিক্ষাৰ ব্যৱস্থা আদিৰ ওপৰতো লক্ষ্য ৰখা উচিত ৷গঠনমূলক সূত
(জে. ব্ৰুনাৰ)
গঠনমূলক শিক্ষা এনে এক পদ্ধতি য’ত ছাত্ৰসকলৰ অন্তৰ্নিহিত শক্তি, বিশ্বাস আৰু দক্ষতাৰ ভিত্তিত পৰিচালিত হয় ৷ গঠনমূলক ধাৰণাৰ দ্বাৰা শিক্ষাৰ্থীয়ে আগৰ শিক্ষণৰ পৰা নতুন জ্ঞান আৰু সংবাদৰ বাবে আগ্ৰহাম্বিত হ’ব পাৰে ৷
গঠনমূলক পদ্ধতিত শিক্ষকে ছাত্ৰক সমস্যা সমাধান কৰিবলৈ দিয়া আৰু তাৰ ওপৰত ধ্যান ৰাখে আৰু ছাত্ৰসকলৰ জিজ্ঞাসাৰ পথ প্ৰদশৰ্ন কৰে আৰু নতুন পথৰ সন্ধান কৰাত সহায় কৰে ৷ সাধাৰণতে, নতুন তথ্য, প্ৰাথমিক উৎস আৰু পৰস্পৰৰ ওপৰত ক্ৰিয়াশীল বিষয়ৰ ওপৰত গঠনমূলক শিক্ষা পদ্ধতিৰ ছাত্ৰ সমূহক নিজৰ তথ্যৰে কাম কৰিবলৈ আৰু নিজৰ চিন্তাধাৰাৰে ভাবিবলৈ শিকায় ৷ মুঠৰ ওপৰত শিক্ষাৰ্থী সকলে জ্ঞানৰ দ্বাৰা একত্ৰ কৰি শিকিবলৈ প্ৰচেষ্টা কৰে ৷ গঠনমূলক পদ্ধতিয়ে সকলো বয়সৰ শিক্ষাৰ্থী আৰু বয়সস্থ সকলৰ বাবেও ভালদৰে কাম কৰে ৷
সাধাৰণ ধাৰণা:
ব্ৰুনাৰৰ তত্বৰ মূলভাব হৈছে শিক্ষা এটা সক্ৰিয় প্ৰক্ৰিয়া য’ত, শিক্ষাৰ্থীয়ে তেওঁলোকৰ বতৰ্মান/অতীতৰ জ্ঞানৰ ভিত্তিত নতুন ধাৰণা গঠন কৰিব পাৰে ৷ শিক্ষাৰ্থীয়ে তথ্য নিৰ্বাচন আৰু বিস্তাৰ সাধন কৰে আৰু অনুমান সহকাৰে বুদ্ধিসহ সিদ্ধান্ত গ্ৰহণ কৰে ৷ জ্ঞানগত অৱস্থাই (মানসিক আদৰ্শ) অৰ্থ আৰু অভিজ্ঞতা প্ৰকাশ কৰে আৰু ব্যক্তিগত ভাৱে “ সংবাদসহ আগুৱাই যোৱা” ৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰে ৷
নিৰ্দেশ সম্পৰ্কে কবলৈ গ’লে, নিৰ্দেশকে ছাত্ৰক এনেদৰে উৎসাহিত কৰা উচিত যে তেওঁলোকে নিজে নিজে উদ্ভাবন কৰিব পাৰে ৷ নিৰ্দেশকে আৰু ছাত্ৰ উভয়ে সক্ৰিয় আলোচনাত (অৰ্থাত চক্ৰেটিছৰ শিক্ষণ) যোগদান কৰা উচিত ৷ নিৰ্দেশকৰ কাম হৈছে তথ্যক অনুবাদ কৰা যাতে বৰ্তমান স্তৰৰ শিক্ষাৰ্থীয়ে এটা নিদিৰ্ষ্ট আৰ্হিত সেইয়া বুজিব পাৰে ৷ পাঠ্যক্ৰম আবৰ্তিত পদ্ধতিত সজ্জিত কৰা উচিত যাতে, শিক্ষাৰ্থীসকলে ইতিমধ্যে লাভ কৰা শিক্ষাৰ ওপৰত ভিত্তি কৰি জ্ঞান বৃদ্ধি কৰিব পাৰে ৷ব্ৰুনাৰ (১৯৬৬) প্ৰকাশ কৰিছিল যে, নিৰ্দেশনাৰ সূত্ৰৰ ক্ষেত্ৰত চাৰিটা দিশত ধ্যান দিয়া উচিত:
- শিক্ষাৰ প্ৰতি থকা প্ৰৱণতা
- বিষয়বস্তু এনেভাৱে উপস্থাপন কৰিব লাগে যাতে সহজে শিক্ষাৰ্থীৰ বোধগম্য হয় ৷
- সফল ক্ৰমানুসাৰে বিষয়বস্তুৰ উপস্থাপন কৰিব লাগে, আৰু
- পুৰস্কাৰ আৰু শাস্তিৰ প্ৰকৃতি আৰু গতি কেনে হ’ব
শিক্ষাৰ বাবে পদ্ধতি হ’ল- সহজে অনুধাৱনযোগ্য কৰা, নতুন প্ৰস্তাৱনা আৰু তথ্যক অধিক পৰিমাণে সজ্জিত কৰা ৷
সাম্প্ৰতিক ক্ষেত্ৰত, ব্ৰুনাৰৰ (১৯৮৬,১৯৯০,১৯৯৬) তত্ত্বত তেওঁ শিক্ষাৰ সামাজিক আৰু সাংস্কৃতিক দিশৰ লগতে আইনগত দিশও অন্তৰ্গত কৰিছে ৷
সুযোগ/প্ৰয়োগ:
ব্ৰুনাৰৰ গঠনমূলক তত্ত্ব গবেষণাৰ ভিত্তিত প্ৰতিষ্ঠিত এটা সাধাৰণ আৰ্হি ৷ তত্ত্বৰ বেছিভাগেই শিশু উন্নয়নৰ গৱেষণাৰ লগত জড়িত (বিশেষত পিয়াজেট) ৷ ব্ৰুনাৰ (১৯৬০) ধাৰণাসমূহ সমাজ বিজ্ঞান আৰু গণিত শিক্ষাৰ ওপৰৰ এখন আলোচনা সভাৰ পৰা উত্পত্তি হৈছিল ৷ ব্ৰুনাৰে তেওঁৰ তত্ত্ব যুৱ সমাজৰ উন্নতিৰ অৰ্থে সমাজ বিজ্ঞান আৰু গণিতৰ প্ৰসঙ্গত উপস্থাপিত কৰিছে ৷ এই মূল উন্নয়নৰ আৰ্হি তুলনাকৰণৰ বাবে ব্ৰুনাৰ, গুডনাউ আৰু অষ্টিন (১৯৫২) ৰ তত্ত্বত বণৰ্না কৰা হৈছে ৷ ব্ৰুনাৰ (১৯৮৩) য়ে শিশুসকলৰ ভাষাশিক্ষাৰ ওপৰত ধ্যান দিছিল ৷
মনত ৰখা ভাল যে, গঠনধমিৰ্তা দশৰ্ন আৰু বিজ্ঞানৰ এক বিস্তৃত ধাৰণামূলক আৰ্হি আৰু ব্ৰুনাৰৰ তত্বই এটা নিদিৰ্ষ্ট দিশ তুলি ধৰে ৷
উদাহৰণ : উদাহৰণটো লোৱা হৈছে ব্ৰুনাৰ (১৯৭৩) ৰ পৰা :
“ মৌলিক সংখ্যাৰ ধাৰণাটো শিশুৱে যেতিয়া গঠন পদ্ধতিৰে অতি সোনকালে বুজি ল’ব, তেতিযা সি আবিস্কাৰ কৰিব যে এক মুঠি বীনৰ দ্বাৰা বহুতো শাৰী আৰু ঘৰ পূৰ কৰিব পৰা নাযায় ৷ এই সংখ্যাটো এনেদৰে এটা শাৰীতে ৰাখিব লাগিব অথবা শাৰী আৰু ঘৰ সমূহৰ মাজত মিলাই ৰাখিব লাগিব য’ত এটা কম অথবা এটা বেছি হ’ব পাৰে ৷ শিশুৱে শিকা এই ধাৰণাটোকে মৌলিক ধাৰাণা বোলা হয় ৷ এই পদক্ষেপৰ পৰা শিশুৰ বুজিবৰ বাবে সুবিধা হয় যে, তথাকথিত এটা গুণিতকৰ ঘৰ হৈছে কিছুমান সংখ্যাৰ সংগ্ৰহ যিবোৰ সম্পূৰ্ণ গুণিতকৰ শাৰীৰ ঘৰসমূহত থাকিব পাৰে ৷ ইয়াৰ মাজত গুনণীয়ক, গুণ আৰু মৌলিক সংখ্যা আছে আৰু সেইসমূহ দেখা পোৱা যাব ৷”
মূলতত্ত্ব:
- নিৰ্দেশ এনে অভিজ্ঞতা আৰু বিষয়বস্তুৰ সৈতে জড়িত হ’ব লাগিব যাতে শিক্ষাৰ্থীয়ে শিকাৰ বাবে আগ্ৰহী আৰু সক্ষম হয় (প্ৰস্তুত)
- নিৰ্দেশনা গঠনমূলক হ’ব লাগে যাতে শিক্ষাৰ্থীয়ে তাক সহজে গ্ৰহণ কৰিব পাৰে (আবৰ্তিত গঠন)৷
৩) পাঠ্যক্ৰম এনেভাৱে সজ্জিত কৰিব লাগে যে, জ্ঞানৰ পৰিধি বৃদ্ধি হয় আৰু নজনা কথা জানিব পাৰে (উল্লেখ কৰা তথ্যৰ বাহিৰে গৈ)
অভিজ্ঞতাৰ পৰা হোৱা শিক্ষা
চি. ৰ’গাৰচ
অভিজ্ঞতাৰ পৰা শিক্ষা (ই এল টি) - এটা সম্পূৰ্ণ ধৰণৰ শিক্ষা পদ্ধতি আৰু উন্নয়নৰ এক সৰলৰৈখিক আৰ্হি য’ত আমি দুয়োটাৰ পৰা মানুহে কিদৰে শিকে, আগবাঢ়ে আৰু উন্নতি কৰিব পাৰে তাক জানিব পাৰোঁ ৷ এই শিক্ষা পদ্ধতিক “ অভিজ্ঞতাৰ পৰা শিক্ষা” বোলা হয় য’ত অভিজ্ঞতাই মূখ্য ভূমিকা পালন কৰে আৰু ইএলটিক অন্য শিক্ষাৰ পৰা পৃথক কৰিব পৰা যায় ৷ “ অভিজ্ঞতা”- এই শব্দটো ইএলটি ৰ পৰা গঠনমূলক আৰু অভ্যাসগত দুয়োটা শিক্ষা পদ্ধতি পৃথকীকৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এই শিক্ষা পদ্ধতিৰ ক্ষেত্ৰত কোনো কল্পিত অভিজ্ঞতাৰ স্থান নাই ৷
অভিজ্ঞতাগত শিক্ষা তত্ত্ব অনুযায়ী শিক্ষা “ এটা প্ৰক্ৰিয়া য’ত অভিজ্ঞতা ৰুপান্তৰিত হৈ জ্ঞানত পৰিণত হয় ৷ অভিজ্ঞতাৰ বোধ আৰু ৰুপান্তৰৰ সহযোগত জ্ঞান লাভ হয় ৷ "
সাধাৰণ ধাৰণ:
ৰজাৰচে দুই প্ৰকাৰৰ শিক্ষণৰ প্ৰকাশ কৰিছে: বোধগম্য (অথৰ্হীন) আৰু অভিজ্ঞতাগত (তাৎপৰ্য্যপূৰ্ণ) ৷ প্ৰথমটো পুথিগত জ্ঞান সম্পৰ্কিত, যেনে কথা ক'বলৈ শিকা অথবা পূৰণত নেওঁতা আৰু পিছৰটো ব্যৱহাৰিক শিক্ষা সম্পৰ্কিত, যেনে, গাড়ী মেৰামতি কৰাৰ বাবে ইঞ্জিন সম্পৰ্কে শিক্ষা ৷ ইয়াক পৃথক কৰাৰ মূলমন্ত্ৰ হৈছে অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাই , শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখে ৷ ৰজাৰচে অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাৰ গুণসমূহ এইদৰে তালিকাভূক্ত কৰিছে: ব্যক্তিগত জড়িতকৰণ, স্ব-প্ৰবৰ্তন, শিক্ষাৰ্থীৰ দ্বাৰা মূল্যায়ন, আৰু শিক্ষাৰ্থীৰ ওপৰত প্ৰভাব ৷
ৰজাৰচৰ মতে, অভিজ্ঞতালব্ধ শিক্ষা ব্যক্তিগত পৰিবৰ্তন আৰু উন্নতিৰ সমান ৷ ৰজাৰে মন কৰে যে, প্ৰত্যেক মানুহৰ শিকাৰ এটা স্বাভাবিক প্ৰৱণতা থাকে ৷ শিক্ষকৰ কাম হৈছে সেইটোক সহজসাধ্য কৰি দিয়া ৷ ইয়াত অন্তভূৰ্ক্ত হয় :
- শিক্ষাৰ এটা বাস্তৱ পৰিৱেশ তৈয়াৰ কৰা ৷
- শিক্ষাৰ্থীৰ উদ্দেশ্য ব্যাখ্যা কৰা ৷
- শিক্ষাৰ উৎস সমূহৰ যোগাৰ কৰা আৰু ইয়াৰ সহজলভ্য কৰা ৷
- শিক্ষাৰ বুদ্ধিমত্তাগত দিশ আৰু আৱেগজনিত দিশৰ মাজত সমমান স্থাপন কৰা ৷
- শিক্ষাৰ্থীৰ লগত অনুভৱ আৰু চিন্তা ভাগ বতৰা কৰা, কিন্তু তাৰ ওপৰত আধিপত্য বিস্তাৰ নকৰা ৷
ৰজাৰচৰ মতে, শিক্ষা সহজ হয়, যেতিয়া:
- ছাত্ৰই শিক্ষাৰ প্ৰক্ৰিয়াত সম্পূৰ্ণভাৱে অংশ গ্ৰহণ কৰে আৰু তাৰ প্ৰকৃতি আৰু গতিৰ ওপৰত ৰাখে ৷
- ই প্ৰত্যক্ষভাৱে ব্যৱহাৰিক, সামাজিক, ব্যক্তিগত অথবা গবেষণা সংক্ৰান্তীয় সমস্যাৰ বিৰোধিতা কৰে, আৰু
- স্ব-মূল্যায়ণ অগ্ৰগতি অথবা সাফল্য নিৰ্ণয়ৰ মূখ্য পদ্ধতি ৷ ৰজাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষণৰ প্ৰয়োজনীয়তা আৰু মুক্তমনৰ হোৱাত সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছিল ৷
অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষা অধিক কাৰ্যকৰী হ’ব পাৰে ৷ ই শিক্ষাৰ্থীৰ একান্ত ব্যক্তিগত প্ৰয়োজন আৰু ইচ্ছাসমূহৰ দিশে লক্ষ্য ৰাখি তাৰ বিস্তাৰ সাধন কৰে ৷ অভিজ্ঞতালব্ধ শিক্ষাই স্ব-প্ৰৱৰ্তন আৰু আত্ম বিচাৰ আদিৰ মানদণ্ড বিচাৰ কৰে ৷ অভিজ্ঞতালব্ধ শিক্ষা সঠিক ৰুপত কাৰ্য্যকৰী হ’ব লাগে, ই উদ্দেশ্য নিৰ্দ্ধাৰণ কৰাৰ পৰা আৰম্ভ কৰি অভিজ্ঞতা আৰু পৰ্য্যবেক্ষণ কৰি পুনঃপৰ্য্যালোচনা কৰালৈকে আৰু সবৰ্শেষত কামৰ পৰিকল্পনালৈকে সম্পূৰ্ণ শিক্ষাৰ পৰিক্ৰম প্ৰয়োগ কৰা উচিত ৷ এই সম্পূৰ্ণ পদ্ধতিটোৱে কোনো এজনক নতুন দক্ষতা লাভ কৰিবলৈ অনুমতি দিয়ে আৰু নতুন দৃষ্টিভঙ্গী অথবা নতুনকৈ ভাবিবলৈ শিকায় ৷
আমি আমাৰ ল'ৰাকালত কৰা খেল – ধেমালিসমূহ আমাৰ এতিয়াও মনত আছে। এটা তেনেই সাধাৰণ খেল যেনে, এক্কা-দ্দোক্কা – অথচ ই অনেক মূল্যৱান ব্যৱহাৰিক শিক্ষা আৰু সামাজিক দক্ষতা, যেনে, দল পৰিচালনা, বাৰ্তালাপ আৰু নেতৃত্ব বহন ক্ষমতা শিকাব পাৰে ৷ অভিজ্ঞতালব্ধ কৌশল হিচাপে খেলাধূলা জনপ্ৰিয় হোৱাৰ কাৰণটো হ’ল- “ আনন্দৰ উৎস " - আনন্দৰ যোগেদি শিক্ষা লাভে শিক্ষাৰ্থীসকলক দীৰ্ঘ সময়ৰ বাবে পাঠটো মনত ৰখাত সহায় কৰে ৷
বেছি সংখ্যক শিক্ষকেই শিক্ষণ পদ্ধতিত অভিজ্ঞতাৰ ভূমিকা উপলব্ধি কৰে ৷ আনন্দৰ মাধ্যমেৰে শিক্ষাৰ পৰিৱেশ আৰু শিক্ষাৰ্থীৰ বাবে এক কায্যৰ্কৰী শিক্ষণ পৰিৱেশ তৈয়াৰ কৰিব পাৰি৷ এই অভিজ্ঞতালব্ধ জ্ঞানত ব্যক্তিসকলক নিজস্ব ভাৱে যোগদান কৰাত উৎসাহ প্ৰদান কৰা হয়, কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকৰ নতুন জ্ঞানবোধ হ’ব আৰু এই সংবাদসমূহ দীৰ্ঘম্যাদী হ’ব ৷
মূলনীতি:
- শিক্ষা তাৎপৰ্য্যৰ্পূৰ্ণ হ’ব, যেতিয়া বিষয় বস্তু শিক্ষাৰ্থীৰ ব্যক্তিগত আগ্ৰহৰ লগত যুক্ত হ’ব ৷
- বাহ্যিক ভয়ৰ পৰিমান কম থকা অৱস্থাত নিজৰ বাবে ভয়ৰ সৃষ্টি কৰিব (যেনে, নতুন মনোভাব অথবা ধাৰণা) পৰা শিক্ষা সহজে উপলব্ধ হয় ৷
- নিজৰ বাবে থকা ভয় কম হ’লে শিক্ষণ পদ্ধতি দ্ৰুতগামী হয় ৷
- স্ব-নিৰ্ভৰ শিক্ষণ অধিক দীৰ্ঘসূত্ৰী আৰু ব্যাপক হয় ৷
জ্ঞাতগত শিক্ষা
জ্ঞানগত শিক্ষা:
মানুহে নিৰিক্ষণ কৰি, নিৰ্দেশ গ্ৰহণ কৰি আৰু আনক অনুকৰণ কৰি ভালদৰে শিকিব পাৰে ৷ “ জ্ঞানগত শিক্ষা শ্ৰৱণ, নিৰীক্ষণ, স্পৰ্শ অথবা অভিজ্ঞতাৰ ফলাফল” ৷
জ্ঞানগত শিক্ষা এটা শক্তিশালী পদ্ধতি যি জ্ঞানৰ পৰিসৰ লাভ কৰায়৷ আপুনি ৱেব চাইটৰ পৰা গ্ৰহণ কৰা শিক্ষাক জ্ঞানগত শিক্ষাই প্ৰকাশ নকৰে ৷ এই শিক্ষণে জ্ঞানগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
মানসিক অথবা জ্ঞানগত প্ৰক্ৰিয়াৰ মাধ্যমেৰে জ্ঞানগত শিক্ষা বণৰ্না কৰা হয় ৷ ইযাৰ পদ্ধতি আমি “ আমাৰ মগজুত” উৎপন্ন কৰিব লাগিব ৷ বাস্তব বিষয় আৰু ঘটনাৰ মানসিক উপস্থাপন আৰু অন্যান্য কায্যৰ্কৰী প্ৰক্ৰিয়া জ্ঞানগত শিক্ষণৰ অন্তৰ্গত৷
জ্ঞানগত শিক্ষা আমি কিদৰে শিকোঁ?
জ্ঞানগত শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে শুনে, দেখে, ছুই চাই, পঢ়ে অথবা অভিজ্ঞতা লাভ কৰে আৰু তাৰ পিচত সেইসকলোবোৰ সংবাদ মনত ৰাখে৷ জ্ঞানগত শিক্ষা নিস্ক্ৰিয় শিক্ষণ হিচাপে মনত ধাৰণা হ’ব পাৰে, কাৰণ এই শিক্ষা ব্যৱস্থাত কোনো গতি সঞ্চালন নাই৷ অৱশ্যে, শিক্ষাৰ্থীসকলে নতুন তথ্য লাভ কৰি ইয়াক মনত ৰখাৰ বাবে জ্ঞানগত পদ্ধতি অধিক সক্ৰিয় ৷
জ্ঞানগত শিক্ষাই আমাক সংকেত, মূল্যবোধ, বিশ্বাস আৰু নীতি আদিৰ জটিল সংস্কাৰ সাধন আৰু তাৰ প্ৰসাৰৰ বাবে সামৰ্থবান কৰি তোলে৷ যিহেতু, মানুহৰ অনেক অভ্যাসৰ মাজত জ্ঞানগত প্ৰক্ৰিয়া যুক্ত থাকে, সেয়ে ইয়াক ধাৰণা কৰিব পাৰি যে মাত্ৰ মানুহৰ ক্ষেত্ৰত এই জ্ঞানগত শিক্ষা সংঘটিত হয় ৷ অৱশ্যে, জীৱ-জন্তুৰ ভিন্ন প্ৰজাতিৰ মাজত দেখি শিক্ষা লাভ কৰা প্ৰৱণতা আছে৷ উদাহৰণস্বৰুপে, চিৰিয়াখানাৰ বান্দৰ এটাই মাজে সময়ে মানুহ দৰ্শনাৰ্থী অথবা অন্য বান্দৰসমূহক অনুকৰণ কৰা দেখা যায় ৷
শিক্ষা আৰু শিক্ষণৰ কৌশল
নিদেৰ্শনাৰ ৬ ই+এচ মডেল
ছটা ই আৰু এচ (এনগেজ, এক্সপ্ল’ৰ, এক্সপ্লেইন, ইলাবৰেট, ইভালুৱেট, এক্সটেণ্ড আৰু ষ্টেণ্ডাৰড) ৰ ভিত্তিত শিক্ষা সঞ্চালক অথবা শিক্ষকৰ সৈতে আলোচনা মৰ্মে জ্ঞানগত শিক্ষাৰ আৰ্হিত পাঠ পৰিক্ৰমা তৈয়াক কৰিব লাগে ৷ শিক্ষাৰ্থী সকলে অবিৰাম গতিত নতুন জ্ঞান লাভ (অথবা গঠন) কৰি জ্ঞানৰ উচ্চতম শিখৰত আৰোহণ কৰিবৰ বাবে পাঠ পৰিকল্পনাসমূহে জ্ঞানগত নিৰ্দেশনাৰ আৰ্হিৰ ওপৰত নিৰ্ভৰ কৰে ৷
এই প্ৰত্যেক ৬ টা 'ই' য়ে শিক্ষণৰ এটাকৈ স্তৰ বৰ্ণনা কৰে, আৰু প্ৰত্যেক স্তৰেই “ ই” ৰে আৰম্ভ হয়: এনগেজ, এক্সপ্ল’ৰ, এক্সপ্লেইন, ইলাবৰেট, ইভালুৱেট আৰু এক্সটেণ্ড ৷ প্ৰত্যেক ৬ টা 'ই' য়ে শিক্ষাৰ্থী আৰু শিক্ষকক জ্ঞান আহৰণ কৰিবলৈ আৰু তেওঁলোকে লাভ কৰা এটা ধাৰণাৰ জ্ঞানৰ ওপৰত অবিৰামভাৱে বিচৰণ কৰিবলৈ অনুমতি দিয়ে ৷
এনগেজ: এটা “এনগেজ” প্ৰক্ৰিয়াই অতীত আৰু বতৰ্মান শিক্ষাৰ অভিজ্ঞতাৰ মাজত সম্পৰ্ক স্থাপন কৰে, কায্যৰ্কলাপৰ অনুমান কৰে আৰু বতৰ্মান কাৰ্য্যকলাপৰ ওপৰত ছাত্ৰ-ছাত্ৰী সকলৰ চিন্তাধাৰা প্ৰভাৱিত কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে শিকিবলৈ লোৱাখিনিৰ মানসিক ধাৰণা, প্ৰক্ৰিয়া অথবা দক্ষতা ওপৰত তেওঁলোক এনগেজ হোৱা উচিত ৷ এই বিভাগত আলোচনাৰ সুবিধাৰ বাবে এক্সপ্ল’ৰ বিভাগৰ কেইটামান সাধাৰণ মূলপ্ৰশ্ন অন্তভূৰ্ক্ত থাকে ৷এক্সপ্ল’ৰ: ইযাত ছাত্ৰ-ছাত্ৰীয়ে বিষয়টো ভালদৰে অনুসন্ধান কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলক তেওঁলোকৰ বিচাৰযোগ্য বিষয়বস্তুৰ ওপৰত “মুক্তমনে বিচৰণ” ৰ সুযোগ দিব লাগিব আৰু অধিক নিৰ্দেশ প্ৰদান কৰিব নালাগে ৷ তেওঁলোকক কিছুমান নিৰ্দেশৰ প্ৰয়োজন হ'ব আৰু শিক্ষকে নিৰ্দেশ দিব পাৰে, গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব পাৰে আৰু শিক্ষাৰ্থী সকল কামৰ সাহাৰ্য্যতা আছে নে নাই,সেইয়া লক্ষ্য কৰিব পাৰে ৷
এক্সপ্লেইন: এই স্তৰত শিক্ষাৰ্থীয়ে কৰা কাম ব্যাখ্যা কৰাৰ সুবিধা দিয়ে ৷ তেওঁলোকে লাভকৰা জ্ঞান মৌখিক ভাৱে প্ৰকাশ কৰা অথবা নতুন ধাৰণা বা অভ্যাস প্ৰকাশ কৰা সুবিধা পায় ৷ এই স্তৰে শিক্ষকৰ বাবে সাধাৰণ নাম, সংজ্ঞা, আৰু বিভিন্ন ধাৰণাৰ ব্যাখ্যা, প্ৰক্ৰিয়া, দক্ষতা অথবা ব্যৱহাৰ আগবঢ়াবলৈ সুবিধা দিয়ে ৷
ইলাবৰেট: ইয়াত শিক্ষাৰ্থীয়ে তেওঁলোকক দিয়া কাম নিজে কৰিবলৈ বিচাৰে ৷ তেওঁলোকৰ নতুন ধাৰণা আৰু তেওঁলোকে বিচাৰি পোৱা তথ্যবিলাক অথবা তেওঁলোকৰ মন্তব্য আনৰ আগত প্ৰকাশ কৰিবলৈ সুবিধা পায় ৷ ইভালুৱেচনৰ বাবে তথ্য জমা দিয়া,প্ৰদৰ্শন কৰা আৰু প্ৰজেক্ট বা এচাইনমেন্ট শেষ কৰাৰ বাবে এইটোৱে এটা ভাল সময় ৷
ইভালোৱেট: পদ্ধতিৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰাৰ কথা যেতিয়া আশা কৰা হয় , তেতিযা এইটোৱেই শাখা য’ত শিক্ষকে শিক্ষণ নিৰ্দ্ধাৰণ কৰিব লাগে ৷ শিক্ষাৰ্থীয়ে সাধাৰনভাৱে তেওঁলোকৰ কাম জমা দিব লাগে অথবা বিষযবস্তুত মনোযোগ দিব লাগে ৷ এই স্তৰত শিক্ষাৰ্থীক স্ব-নিবাৰ্চন, দলবদ্ধ-নিবাৰ্চনত জড়িত হবলৈ আৰু তেওঁলোকৰ কামৰ পদ্ধতি নিজেই গঠন কৰিবলৈ উৎসাহ জনোৱা অতি গুৰুত্বপূৰ্ণ ৷
এক্সটেণ্ড: এই স্তৰত শিক্ষাৰ্থীসকলক তেওঁলোকৰ পাঠৰ বাহিৰৰ কিছুমান উপাদাল লবলৈ উপদেশ দিয়া হয় ৷ ইযাৰ উদ্দেশ্য হ’ল - তেওঁলোকৰ জ্ঞান আৰু অন্যান্য ধাৰণাৰ বাচনি অথবা তেওঁলোকৰ জ্ঞান নতুন আৰু অসহজ ক্ষেত্ৰত কিদৰে প্ৰয়োগ কৰিছে তাক পৰীক্ষা কৰা ৷ সাধাৰণতে, এনে কামে তেওঁলোকে প্ৰতিষ্ঠা কৰিব লগীয়া কামটোৰ ওপৰত উত্তেজনা বঢ়াব ৷ যদিও শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ নিজৰ বিদ্যালয়ৰ বাহিৰত বা আনৰ আগত বা প্ৰতিযোগীতাত তেওঁলোকৰ কাম উপস্থাপন কৰিব পৰাকৈ সাধাৰণ পৰামৰ্শ আগবঢ়াবলৈ বিচাৰে ,প্ৰকৃততে এই শাখা মূখ্যতঃ শিক্ষাৰ্থী জড়িত কৰণ পদ্ধতিহে ৷
ষ্টেণ্ডাৰ্ড: ষ্টেণ্ডাৰ্ড হ’ল পাঠ পৰিক্ৰমাৰ দ্বাৰা সমন্বয় ঘটোৱা পাঠ পৰিক্ৰমা ৷ এই শাখাত ৰাজ্য, জাতি আৰু/অথবা ৰাষ্ট্ৰীয় মানৰ লগত পাঠ পৰিক্ৰমা সংযোগ কৰা হয় ৷ সাধাৰণভাৱে এই সংবাদ শিক্ষকৰ বাবে আৰু স্থানীয় কমিটি, জিলা অথবা বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় সংবাদ আগবঢ়োৱা উচিত।
সহযোগী শিক্ষা
সহযোগী শিক্ষা আজিৰ দিনত সবাতোকৈ বেছি চৰ্চিত শিক্ষণ ব্যৱস্থা ৷ দেখা গৈছে এই ব্যৱস্থাত শিক্ষাৰ্থীসকলক একেলগে, দ্ৰুতভাৱে, সফলতাৰে , অতি মনোযোগেৰে আৰু ধনাত্মক দিশেৰে শিক্ষা গ্ৰহণ কৰা অভিজ্ঞতা লাভ কৰে ৷ ইয়াৰ অৰ্থ এইটো নহয় যে, কেইজনমান ছাত্ৰৰ গোট গঠন কৰি দি কাম কৰিবলৈ দিলে এই সহযোগী শিক্ষা ব্যৱস্থা সফল হ’ব ৷ সহযোগী ব্যৱস্থা সফল কৰাৰ বাবে কিছু নিৰ্দিষ্ট পদ্ধতি আছে, আৰু ছাত্ৰ আৰু শিক্ষক উভয়ে ইয়াৰ প্ৰতি সজাগ হোৱা প্ৰয়োজন ৷ অলপতে এই পদ্ধতিৰ অপব্যৱহাৰ কথা সমালোচিত হৈছে ৷ শিক্ষাৰ্থী সকলে শিক্ষকক সহায় কৰিব পাৰে ৷ এজন শিক্ষাৰ্থীয়ে একেলগে কাম কৰা অভিজ্ঞতা লাভ কৰে আৰু এই শিক্ষা আজিৰ শিক্ষা ব্যৱস্থাত অতি প্ৰয়োজনীয় ৷ এজন শিক্ষাৰ্থীয়ে বিভিন্ন ভূমিকা পালন কৰি শিকাৰ উপায় আছে, যেনে, সহায়ক, প্ৰতিবেদক,প্ৰতিলিপি কৰ্তা ইত্যাদি ৷ প্ৰতিগ্ৰুপৰ প্ৰতিটো ছাত্ৰৰ বাবে বিশেষ কাম থাকে, যাতে “ আনৰ ওপৰত নিৰ্ভৰ” কৰি নাথাকি প্ৰত্যেকেই শিকাঁৰ কামত সক্ৰিয় থাকিব পাৰে ৷ এটা গোটৰ সফলতা প্ৰত্যেক শিক্ষাৰ্থীৰ ব্যক্তিগত সফলতাৰ ওপৰত নিৰ্ভৰ কৰে ৷
ছাত্ৰসকলৰ পুথিগত শিক্ষাত সৰু গোটত ভাগ হৈ সকলোৱে সকলোক সহায় কৰি একেলগে শিকিব লাগে ৷ সধাৰণতে, সহযোগী শিক্ষাই তলৰ পাঁচটা বৈশিষ্ট্য মানি চলে ৷
- শিক্ষাৰ্থীসকলে সাধাৰণ কাম অথবা শিক্ষণ গোটত ভাগ হৈ একেলগে কৰিব লাগে ৷
- শিক্ষাৰ্থীসকলে দুজন অথবা পাঁচজন সদস্যৰ সৰু গোট হৈ একেলগে কাম কৰিব লাগে ৷
- শিক্ষাৰ্থীসকলে তেওঁলোকৰ সধাৰণ কাম অথবা শিক্ষণৰ সফল সমাপ্তকৰণৰ বাবে সহযোগী, সামাজিক ভাৱে কাম কৰাৰ অভ্যাস ব্যৱহাৰ কৰিব লাগে ৷
- শিক্ষাৰ্থীসকল পৰস্পৰ নিৰ্ভৰশীল ৷ কায্যৰ্ক্ৰমনিকা এনেদৰে গঠিত কৰা হয়, যে তেওঁলোকে কামৰ সমাপ্তিকৰণৰ বাবে ইজনক সিজনৰ সহায়ৰ প্ৰয়োজন হয় ৷
- শিক্ষাৰ্থীসকল তেওঁলোকৰ কামৰ বাবে ব্যক্তিগতভাৱে দায়িত্বশীল হয় ৷
শিক্ষাৰ ধৰণ
শিক্ষাৰ ধৰণ হৈছে শিক্ষণৰ বিভিন্ন প্ৰকাৰৰ পদ্ধতি অথবা দিশ ৷
শিক্ষণৰ ধৰণৰ প্ৰকাৰ কি কি ?
দৃশ্যগত শিক্ষাৰ্থী: দেখি শিকাঁ...
শ্ৰৱণ শিক্ষাৰ্থী: শ্ৰৱণৰ দ্বাৰা শিকে...
এওঁলোকে মৌখিক বক্তৃতা, আলোচনা, অথবা বিষয়বস্তুৰ ওঅৰত আন এজনে কোৱা কথা শুনি ভালদৰে শিকে ৷ শিক্ষাৰ্থীসকলে বক্তাৰ মাতৰ সুৰ, বক্তৃতা, কথাৰ গতিবেগ আৰু অন্যান্য গুণ শুনি শিক্ষকে কোৱাবিলাক আয়ত্ব কৰে ৷ লিখিত তথ্য আনৰ মুখেৰে নুশুনালৈকে তাৰ কম মূল্য প্ৰকাশ হ’ব পাৰে ৷ এই শিক্ষাৰ্থীসকল কেতিয়াবা পাঠ শব্দ কৰি পঢ়ি অথবা টেপ ৰেকৰ্ডাৰ ব্যৱহাৰ কৰি বেছি উপকৃত হ’ব পাৰে ৷
স্পৰ্শাভূতিক শিক্ষাৰ্থী / টেকটাইল: গতি কৰি, কাম কৰি আৰু স্পৰ্শ কৰি শিকে ....
স্পৰ্শাভূতিক / টেকটাইল পদ্ধতি ব্যৱহাৰ কৰি শিকাঁ ব্যক্তিয়ে তেওঁলোকৰ চৌপাশৰ পদাৰ্থসমূহ হাতেৰে চুই, আৰু তাৰ লগত হাতৰ কাম কৰি সেইবিলাক আয়ত্ব কৰে ৷ তেওঁলোকে ইয়াৰ বাবে বহু সময় বহি থাকিবলৈ কঠিনতা অনুভৱ কৰিব পাৰে আৰু তেওঁলোকৰ প্ৰয়োজনৰ বাবে তেওঁলোকে কাম আৰু প্ৰকাশ কৰিবলৈ বিমূখ হ’ব পাৰে ৷
0 Comments