Responsive Advertisement

শিশুৰ বৃদ্ধি আৰু বিকাশ :

 

বৃদ্ধি আৰু বিকাশ:-

‘বিকাশ’ শব্দটো ইংৰাজীত ‘Growth’ আৰু ‘development’ এই দুয়োটা শব্দৰেই প্ৰকাশ কৰা হয়। অসমীয়া ভাষাত ইয়াৰ প্ৰথমটো শব্দই “দৈহিক বৰ্ধন” আৰু দ্বিতীয়টো শব্দই ‘বিকাশ’ অথবা পৰিবৰ্ধনৰ অৰ্থ প্ৰকাশ কৰে। ‘Growth’ অথবা দৈহিক পৰিপক্কতা লাভ কৰাৰ অৰ্থহে বিকাশ ভাবে সূচায়। আনহাতে ‘development’ বা দৈহিক বিকাশ তথা পৰিবৰ্ধনে ব্যক্তিৰ দৈহিক বৰ্ধনৰ ওপৰত পৰিবেশ আৰু শিক্ষা অভিজ্ঞতাই পেলোৱা ব্যাপক পৰিবৰ্তনৰ প্ৰভাৱো অন্তৰ্ভুক্ত কৰে।



শিক্ষা হৈছে বহল অৰ্থত এক বিকাশ প্ৰক্ৰিয়া। মানুহে জন্মৰ পিছৰে পৰা শিক্ষাৰ যোগেদি এক অবিৰত আৰু ক্ৰমাগত গতিত বিকাশৰ পথত অগ্ৰসৰ হয়। শিক্ষা আৰু বিকাশে মানুহক নতুন পৰিবেশত নিজকে সমাযোজন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা দিয়ে। মানুহৰ এই বিকাশ বিৰামহীনভাৱে জীৱনৰ এক সুদীৰ্ঘ কাল অতিক্ৰম কৰে, যাক সাধাৰণভাৱে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে- শৈশৱ, বাল্যকাল, কৈশোৰ আৰু বয়:প্ৰাপ্তি। অৱশ্যে এই চাৰিটা বিভিন্ন স্তৰত বিকাশৰ কাল ভাগ কৰি লোৱা হৈছে আমাৰ অধ্যয়নৰ সুবিধাৰ বাবেহে। প্ৰকৃততে সময়ৰ নিৰ্দ্দিষ্ট সীমাৰেখাৰে বিকাশৰ এই গতিক স্পষ্ট ৰূপত সীমায়িত কৰিব নোৱাৰি। মানুহৰ বিকাশ হৈছে অবিৰাম আৰু অবিচ্ছিন্নভাৱে সংঘটিত হোৱা এক গঠন প্ৰক্ৰিয়া। ব্যক্তিয়ে নিজে ধৰিব আৰু ক’ব নোৱাৰাকৈয়ে এনে প্ৰক্ৰিয়া সংঘটিত হয়। অৱশ্যে ইয়াৰ স্বৰূপ অধ্যয়নৰ যোগেদিহে শিক্ষা-নীতি গ্ৰহণ আৰু তাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তোলাটো আমাৰ বাবে সম্ভৱ হৈ উঠিব পাৰে।

‘বৃদ্ধি’ হৈছে কোনো বস্তুৰ দৈহিক আৰু আবয়ৱিকভাৱে ক্ৰমে বাঢ়ি যোৱা অৱস্থা। মানুহৰ দেহৰ আকাৰ-আকৃতি, ওজন-উচ্চতা আৰু দেহ-কংকালৰ ক্ৰমে বাঢ়ি যোৱা অৱস্থাই হৈছে বৃদ্ধি। আনহাতে ‘বিকাশ’ শব্দৰ অৰ্থ ইয়াতকৈ বহল আৰু গুণগতভাৱে অৰ্থসূচক। বিকাশ হৈছে সামগ্ৰিক বিধৰ অৱস্থা, যি মানুহৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশৰ দিশ সামৰি লয়। ই হৈছে জীৱৰ জৈৱিক অস্তিত্বৰ ওপৰত পৰা পৰিবেশৰ অনুকূল-প্ৰতিকূল প্ৰভাৱৰ পৰিণতি।

বিকাশৰ সাধাৰণ বৈশিষ্ট্য:

মানুহৰ শিক্ষা-বিকাশৰ স্তৰ আৰু জীৱনৰ স্তৰ একে কথা নহয়। জীৱনৰ স্তৰ জীৱন ব্যাপি থাকে। ই হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বাণপ্ৰস্থ আৰু সন্ন্যাস। শিক্ষা-বিকাশৰ স্তৰ হৈছে- শৈশৱ, বাল্যকাল, কৈশোৰ আৰু বয়:প্ৰাপ্তি কাল। বিকাশৰ এই স্তৰকেইটাৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হৈছে-

  • জীৱই পৰিবেশত কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ। আমাৰ সহজাত জৈৱিক ক্ষমতাৰ ওপৰত পৰিবেশে পেলোৱা প্ৰভাৱৰ ফলস্বৰূপেই বিকাশ সাধিত হয়।
  • এই বিকাশৰ গতি হৈছে এক নিৰন্তৰ, অবিচ্ছিন্ন আৰু দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। দুটা স্তৰৰ মাজত সেয়েহে বিকাশৰ তেনে কোনো স্পষ্ট ব্যৱধান টানিব পৰা নাযায়।
  • দৈহিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক দিশত হোৱা পৰিৱৰ্তনবোৰৰ এক সমন্বয় সাধন কৰি বিকাশ সংঘটিত হয়। এই সমূহ দিশৰ বিকাশ পৃথক আৰু স্বতন্ত্ৰ বিধৰ হৈ নুঠে।
  • বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত হৈ নুঠে। কোনো সময়ত এই গতি দ্ৰুততৰ হৈ উঠে আৰু আন কোনো সময়ত ই মন্থৰ হৈ পৰে।
  • বিকাশৰ গতিৰ ক্ষেত্ৰত লিংগ প্ৰভেদৰ প্ৰশ্নও জড়িত হৈ থাকে। ল’ৰা আৰু ছোৱালীৰ দেহ-মানসিক বিকাশৰ গতি আৰু ইয়াৰ প্ৰকৃতি একে নহয়।
  • ছোৱালীৰ বিকাশৰ গতি ল’ৰাতকৈ প্ৰায় ডেৰ বছৰ আগুৱাই যায়। আৱেগ-অনুভূতিৰ ক্ষেত্ৰতো এনে প্ৰভেদ পৰিলক্ষিত হয়।

 

  

 


 

Post a Comment

0 Comments