Responsive Advertisement

Questions & Answers on :=> শিশু বিকাশ

 শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ  100 টা অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ



১)বিকাশ হ’ল এনে প্ৰক্ৰিয়া, ই-

উত্তৰ: জীৱন ব্যাপী চলে।

২)বিকাশৰ মূল উপাদান হ’ল-

উত্তৰ: চাৰিটা।

৩) “বিকাশ বুলি ক’লে এনে এক পৈনত অৱস্থা আৰু অভিজ্ঞতাক বুজায় যি বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে ধাৰাবাহিকভাৱে ঘটে”- উক্তিটো আগবঢ়াইছিল-

উত্তৰ: ই.বি.হাৰ্ভলক।

৪)বিভিন্ন দাৰ্শনিক তথা মনোবিজ্ঞানিকসকলে মানুহৰ জীৱনটোক বিকাশৰ স্তৰ অনুসৰি ভাগ কৰিছে-

উত্তৰ: চাৰিটা স্তৰত।

৫)বিকাশৰ দুটা প্ৰধান উপাদান হ’ল-

উত্তৰ: বংশগতি আৰু পৰিৱেশ।

৬)এটা শিশু মাতৃগৰ্ভত থাকে-

উত্তৰ: ২৮০ দিন।

৭)শিশুৰ বিকাশ আৰম্ভ হয়-

উত্তৰ: গৰ্ভাৱস্থাৰ পৰা।

৮)জন্মৰ পৰা ৫/৬ বছৰলৈ এই সময়ছোৱাক কোৱা হয়-

উত্তৰ: শৈশৱ কাল।

৯)পৰনিৰ্ভৰশীলতা এটা বৈশিষ্ট-

উত্তৰ: শৈশৱ কালৰ।

১০)৭ বছৰৰ পৰা ১২ বছৰলৈ এই সময়ছোৱাক কোৱা হয়-

উত্তৰ: বাল্য কাল।

১১)তলত কোনটো বিকাশৰ উপাদান নহয়?

উত্তৰ: ওজন।

১২)এটা শিশুক নৱজাতক পৰ্যায়ত ধৰা হয়-

উত্তৰ: জন্মৰ পৰা দুইমাহলৈ।

১৩)প্ৰশ্ন সোধা কালছোৱাকেই বোলা হয়-

উত্তৰ: শৈশৱ কাল।

১৪)এটা শিশুক দৈহিক প্ৰতিবৰ্ত্ত ক্ৰিয়াই পৰিচালনা কৰে-উত্তৰ: জন্মৰ পৰা দুই সপ্তাহলৈ।

১৫)ফ্ৰয়েডৰ মতে- শৈশৱ কালৰ শিশুৰ যৌন চেতনা-

উত্তৰ: থাকে।

১৬)শৈশৱ কালৰ শিশুৰ যৌন চেতনা হ’ল-

উত্তৰ: আত্মকামমূলক।

১৭)সমকামিতা এটা প্ৰধান বৈশিষ্ট্য-

উত্তৰ: বাল্য কালৰ।

১৮)বাল্য কালৰ ল’ৰা এজনে খেলি ভাল পায়-

উত্তৰ: সমনীয়া ল’ৰাৰ লগত।

১৯)এটা সাধাৰণ শিশুৱে অৰ্থপূৰ্ণ শব্দ ক’বলৈ শিকে-

উত্তৰ: জন্মৰ এবছৰ পিছত।

২০)অনুকৰণ প্ৰিয়তা এটা বৈশিষ্ট্য-

উত্তৰ: শৈশৱ কালৰ।

২১)বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয়-

উত্তৰ: বাল্য কালক।

২২)শৈশৱ কালৰ ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষাক-

উত্তৰ: প্ৰাক-প্ৰাথমিক শিক্ষা বোলে।

২৩) ‘কিণ্ডাৰগাৰ্টেন’ স্কুলৰ প্ৰতিষ্ঠাপক আছিল-

উত্তৰ: ফ্ৰৱেল।

২৪) ‘কিণ্ডাৰগাৰ্টেন’ শব্দৰ অৰ্থ-

উত্তৰ: শিশুৰ বাগিছা।

২৫)শিশু শিক্ষাত ইন্দ্ৰিয় প্ৰশিক্ষণৰ পক্ষপাতী আছিল-

উত্তৰ: মাৰিয়া মন্টেশ্বৰী।

২৬)নাৰ্ছাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল-

উত্তৰ: মাৰ্গাৰেট মেকমিলান।

২৭)মন্টেশ্বৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল-

উত্তৰ: মাৰিয়া মন্টেশ্বৰী।

২৮)বৌদ্ধিক, মানসিক বিকাশৰ ক্ষেত্ৰত শিশুৰ ব্যক্তিগত বৈষম্য পৰিলক্ষিত-

উত্তৰ: হয়।

২৯)মনোদৈহিক বিকাশৰ ক্ষেত্ৰত শিশুৰ লিংগভেদৰ-

উত্তৰ: পাৰ্থক্য আছে।

৩০) “আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা”-উক্তিটো আছিল-

উত্তৰ: মেকডুগাল।

৩১)আগ্ৰহৰ ফলত মনোযোগ-

উত্তৰ: বৃদ্ধি হয়।

৩২) ‘আগ্ৰহ হ’ল গতিশীল মনোভাৱ’- কথাষাৰ-

উত্তৰ: সত্য।

৩৩)সুপ্ত বা প্ৰকৃত আগ্ৰহ হ’ল-

উত্তৰ: জন্মগত।

৩৪)আগ্ৰহক ভাগ কৰিব পাৰি-

উত্তৰ: দুটা ভাগত।

৩৫)ইংৰাজী ‘Interest’ শব্দটো আহিছিল-

উত্তৰ: লেটিন ভাষাৰ পৰা।

৩৬) আমাৰ ভাৱবৃত্তি, অভ্যাস, চৰিত্ৰ, আদৰ্শ আৰু ৰুচি আদিৰ ফলত সৃষ্টি হোৱা আগ্ৰহক কোৱা ওহয়-

উত্তৰ: আৰ্জিত আগ্ৰহ।

৩৭)ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত আগ্ৰহ-

উত্তৰ: একে নহয়।

৩৮)শিক্ষণ কাৰ্যৰ লগত আগ্ৰহৰ ভূমিকা-

উত্তৰ: গুৰুত্বপূৰ্ণ।

৩৯) “অভ্যাস হ’ল একে পৰিস্থিতিত একে কামৰ পুণৰাবৃত্তি”- উক্তিটো আগবঢ়াইছিল-

উত্তৰ: ৰচে।

৪০)অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ-

উত্তৰ: শৈশৱ কালত।

৪১)অভ্যাসজনিত কামে ব্যক্তিক-

উত্তৰ: পৈনত কৰে।

৪২)অভ্যাস হ’ল-

উত্তৰ: আৰ্জিত আচৰণ।

৪৩)অভ্যাসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিল-

উত্তৰ: জেমচে।

৪৪) “বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূলন কৰি তুলিব সাধাৰণ মানসিক ক্ষমতা”- মতামতটো আছিল-

উত্তৰ: ষ্টাৰ্ণৰ।

৪৫)বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় কৰা হৈছিল-

উত্তৰ: ১৯০৫ চনত।

৪৬)বুদ্ধি পৰিমাপনৰ প্ৰথম অভীক্ষাৰ উদ্ভাৱক আছিল-

উত্তৰ: আলফ্ৰেড বিনে আৰু ছাইমন।

৪৭)মানুহ বুদ্ধিৰ অধিকাৰী হয়-

উত্তৰ: জৈৱিক বংশগতিৰ পৰা।

৪৮)এটা শিশুৰ শিক্ষণ ক্ষমতা নিৰ্ভৰ কৰে-

উত্তৰ: বুদ্ধিৰ ওপৰত।

৪৯)আলফ্ৰেড বিনে এগৰাকী প্ৰখ্যাত মনোবৈজ্ঞানিক আছিল-

উত্তৰ: ফ্ৰান্সৰ।

৫০)ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ ‘Personality’ শব্দটো লেটিন ভাষাৰ-

উত্তৰ: Persona শব্দৰ পৰা অহা।

৫১) “মানুহৰ সমূহ সহজাত জৈৱিক প্ৰবৃত্তি, প্ৰেৰণা, প্ৰৱণতা, হেঁপাহ আদি আৰু আৰ্জিত শিক্ষা, অভিজ্ঞতা আদিৰ দ্বাৰা লাভ কৰা প্ৰবৃত্তি আৰু প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব”- উক্তিটো আগবঢ়াইছিল-

উত্তৰ: মৰ্টন প্ৰিন্স।

৫২)ব্যক্তিয়ে নিজকে সমাজৰ পৰিৱেশৰ লগত সমাযোজন কৰা কাৰ্যত প্ৰকাশ পায়-

উত্তৰ: ব্যক্তিত্বৰ।

৫৩)শিশুৰ সৱল ব্যক্তিত্ব গঠনত সহায় কৰে-

উত্তৰ: শিক্ষকে।

৫৪)তিনি বছৰীয়া শিশু এটাৰ ব্যক্তিত্ব গঠনত প্ৰধান ভূমিকা পালন কৰে-

উত্তৰ: মাকে।

৫৫)শৈশৱ কালৰ শিশুৰ নৈতিক সচেতনতা-

উত্তৰ: নাথাকে।

৫৬)শিশুৰ ব্যৱহৃত নামটোৱে তাৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব-

উত্তৰ: পাৰে।

৫৭)শিশুৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা প্ৰধান দিশ হ’ল-

উত্তৰ: আটাইকেইটা শুদ্ধ।

৫৮)এটা সমস্যাজড়িত শিশুৱে সমাজৰ গ্ৰহণযোগ্য আচৰণ- তাৰ সামাজিক পৰিৱেশত-

উত্তৰ: প্ৰদৰ্শন কৰিব নোৱাৰে।

৫৯)সমস্যাজৰ্জৰ শিশু সকলে গ্ৰহণযোগ্য আচৰণ প্ৰদৰ্শন কৰাত-

উত্তৰ: মানসিক বাধা অনুভৱ কৰে।

৬০)শিশুৰ সমস্যাজড়িত আচৰণৰ ভিতৰত পৰে-

উত্তৰ: আটাইকেইটা শুদ্ধ।

৬১)শিশুৰ সমস্যাজৰ্জৰ আচৰণ পৰিশোধনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে-

উত্তৰ: মাক-দেউতাকে।

৬২) “যিবিলাক শিশুৱে তেওঁলোকৰ বিদ্যালয় জীৱনৰ মাজভাগত বয়স উপযোগী হোৱা সত্বেও নিম্ন শ্ৰেণীৰ কামকাজ বিলাকো কৰিব বা পঢ়িব নোৱাৰে, প্ৰকৃততে তেনেবোৰ শিশুৱেই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ শিশু”- মতবাদটো আছিল-

উত্তৰ: ছিৰিল বাৰ্ট।

৬৩)অতিমাত্ৰা লাজকুৰীয়া আৰু ভয়াতুৰ শিশু এটাক ক’ব পাৰি-
উত্তৰ: সমস্যাজড়িত।

৬৪)যিবোৰ শিশুৰ বিকাশ খৰকটীয়া নহয়, খুৱ লাহে লাহে শিকে, তেওঁলোকক কোৱা হয়-

উত্তৰ: শ্লথ শিক্ষাৰ্থী।

৬৫)সাধাৰণতে দুৰ্দান্ত শিশুবিলাক হয়-

উত্তৰ: প্ৰাণ চঞ্চল।

৬৬)মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল-

উত্তৰ: ডব্লিউ বিয়াৰ।

৬৭)মানসিকভাৱে স্বাস্থ্যবান ব্যক্তি এজনৰ লক্ষণ হ’ল-

উত্তৰ: আটাইকেইটা শুদ্ধ।

৬৮)১৮৮৫ চনত এমিল ক্ৰেপেলিন নামৰ মনোবিদ গৰাকীয়ে অস্বাভাৱিক আচৰণক ভাগ কৰিছিল-

উত্তৰ: দুটা ভাগত।

৬৯)ভয়, সংঘাত, উৎকন্ঠা আদি সৃষ্টি কৰা ভাৱ, স্মৃতি, ইচ্ছা আদিক অচেতন মনলৈ ঠেলি পঠিয়াই তাতে আৱদ্ধ কৰি ৰখা প্ৰক্ৰিয়াকে-

উত্তৰ: অৱদমন বোলে।

৭০)এগৰাকী শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণ হ’ব পাৰে-

উত্তৰ: আটাইকেইটা শুদ্ধ।

৭১)শিশুৰ ক্ষেত্ৰত বিকাশৰ অৰ্থ হ’ল-

উত্তৰ: মানসিক বিকাশ।

৭২) “এমিল”(Emile) গ্ৰন্থখনৰ শ্ৰষ্টা আছিল-

উত্তৰ: ৰুছো।

৭৩)শিক্ষাবিদ ডব্লিউ এম. ৰাইবাৰ্ণে বিকাশৰ স্তৰক বিভাজন কৰিছিল-

উত্তৰ: ছয়টা স্তৰত।

৭৪)শিশুৰ সৰ্বাংগীন বিকাশত মুখ্য ভূমিকা পালন কৰে-

উত্তৰ: ঘৰখনে।

৭৫)বিশ্বত পোন প্ৰথমতে প্ৰাক-প্ৰাথমিক শিক্ষানুষ্ঠান স্থাপন হৈছিল ব্ৰেকেনবাৰ্গ চহৰত-

উত্তৰ: ১৮৩৭ চনত।

৭৬)শিক্ষাৰ অধিকাৰ আইন ২০০৯ খন ভাৰতত বলবৎ হৈছিল-

উত্তৰ: ২০০৯ চনৰ ১ এপ্ৰিলত।

৭৭)২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্ৰাথমিক শিক্ষা বিনামূলীয়াকৈ লাভ কৰিব-

উত্তৰ: ৬-১৪ বছৰীয়া শিক্ষাৰ্থীয়ে।

৭৮)আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা আছিল-

উত্তৰ: ৰুছো।

৭৯) “শিক্ষক সকলেই হ’ল প্ৰকৃতাৰ্থত জাতিৰ ভাগ্য নিৰ্মাতা”- মতবাদটো আছিল-

উত্তৰ: ড° জাকিৰ হুছেইন।

৮০)বিদ্যালয় এখন হ’ল-

উত্তৰ: ক্ষুদ্ৰ সমাজ।

৮১)জীৱনদাতা পিতৃ-মাতৃতকৈও শিক্ষক সকলক অধিক শ্ৰদ্ধাৰ পাত্ৰ বুলি অভিহিত কৰিছিল-

উত্তৰ: এৰিষ্টটলে।

৮২)বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল-

উত্তৰ: ১৯৩৭ চনত।

৮৩)অসম প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল-

উত্তৰ: ১৯২৬ চনত।

৮৪)বিদ্যালয় এখনে প্ৰধানকৈ সমস্যা সমাধান কৰিব পাৰে-

উত্তৰ: সমাজৰ।

৮৫)শিশুৰ যৌনতা সম্বন্ধে নতুন নতুন তথ্যৰ সন্ধান দিছিল-

উত্তৰ: ফ্ৰয়েডে।

৮৬)শিশুৰ আবেগিক জীৱনৰ সুস্থ বিকাশৰ বাবে অতিকৈ প্ৰয়োজন-

উত্তৰ: মৰমৰ।

৮৭)ব্যক্তিৰ দৈহিক সুস্থতাক দৈহিক স্বাস্থ্য আৰু মানসিক সুস্থতাক কোৱা হয়-

উত্তৰ: মানসিক স্বাস্থ্য।

৮৮)সুস্থ দেহতহে সুস্থ-

উত্তৰ: মনৰ সৃষ্টি হয়।

Post a Comment

0 Comments